পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

দুয়ো হস্ত মেলি কৰাহে কাকুতি
তেহে দিম বসন তোৰ॥
এহি বুলি কৃষ্ণে গোপীক তুষিলা
পৰীক্ষা কৰিব হেতু।
যত ব্ৰজ গোপী হাতযোৰ কৰি
সেৱিলা গৰুড় কেতু।
যত লাজ কাজ মায়াৰ অধীন
ভকতিত নোহে স্থান।
সামাজিক লোক হৰি ভজিয়োক
ডাকি বোলা ৰাম ৰাম॥

ভাঙনি ঘোষাঃ—

কদম্বৰ গছে কৃষ্ণে যমুনাৰ তীৰে।
গোপী সঙ্গে ক্ৰীড়া কৰে ভকত বৎসলে॥

পদঃ—

 কৃষ্ণৰ বচনে গোপী সমূলি মৰিল।
জলৰ মাজত সবে ধ্যানত বহিল॥
সবে গোপী বোলে প্ৰভূ মূৰাৰী মোহন।
আজি পৰিচয় দিলা হৰিয়া বসন॥
একমাস কৰি আছে কাত্যায়নী ব্ৰত।
তাৰ কিবা এহি ফল দিলা জগন্নাথ।
গোপীৰ স্তৱত তুষ্ট হুয়া বংশীধাৰী।
দিলন্ত গোপীৰ বস্ত্ৰ ভাগে ভাগ কৰি॥
তিনিফালে তিনিআলি মধ্যে চাৰিআলি।
তাতে বহি বনমালী পাতিলে ধেমালি॥
গোপীৰ নৃত্যত ভৈল ভৰি কৰতাল।
বেঢ়িয়া গুঞ্জৰে যেন ভ্ৰমৰে গীতাল॥
শিৰকো কম্পাৱৈ খসে খোপাৰ আউল।
তুষ্ট হুয়া কেশৱে বৰিষে যেন ফুল॥

(১৫৫)