পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


যমুনাৰ পাৰতে  গোপীনি সকলে
  যাৰ সেই বস্ত্ৰ থৈ।
কেৱল শৰীৰে   যমুনাৰ জলতে
  সকলো নামিলে গৈ॥
যমুনাৰ বালিতে   গোপীৰ বস্ত্ৰ হেৰালে
  বিচৰা-বিচৰি কৰি।
গৈ গৈ পালেগৈ   কদম্বৰ গছতে
  কৃষ্ণই কৰিলে চুৰি॥
জলৰ মধ্যত   গোপীনি সকলে
  বোলয় কাকূতি কৰি।
চৰণতে ধৰি   স্তুতিকৈ মাতিছোঁ
  বস্ত্ৰখনি দিয়া হৰি।
গোপী গইছিল   স্নান কৰিবলৈ
  গোসাঁই গইছিলে পাছত।
গোপীৰ বস্ত্ৰ হৰণ   কৰিলা কৃষ্ণই
  উঠে কদম্বৰ গছত॥
যমুনাৰ জলতে   গোপী পৰি আছে
  কেশ আউল-জাউলী কৰি।
বস্ত্ৰ দিয়া হৰি   বিলম্ব নকৰি
  লাজতে মৰিবো আমি॥
বস্ত্ৰ দিয়া নাথ   প্ৰভূ জগন্নাথ
  কৰা লজ্জা নিবাৰণ।
কায় বাক্য মনে   তোমাক ভজিলো
  ৰক্ষা কৰা নাৰায়ণ॥
একহস্তে গোপী   অঙ্গত ঢাকয়
  একহস্তে কৰি মোৰ।

(১৫৪)