পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


অৰ্জ্জুনৰ আগমনে ৰজা যুধিষ্ঠিৰ।
পাইলা বাৰ্ত্তা ভগৱন্ত দেৱ দামোদৰ॥
কৃষ্ণৰ বিয়োগে দিলে বিৰহ বেদনা।
ৰাজ্য ত্যাগি পাঞ্চো ভাই বনে চলি গৈলা॥
কৃষ্ণৰ বিৰহে গকুলৰ গোপী যত।
গৃহ এৰি দিনে ৰাতি যমুনাৰ বালিত॥
আউলি বাউলি হৈয়া হিয়া ঢুকি কান্দে।
উদ্ধৱৰ আগমনে কৃষ্ণৰ বাৰ্ত্তা পাইলে॥
শুনা সভাসদ পদ মহাভাগৱত।
গোপীৰ ভক্তিত ভৈলা আশ্চৰ্য ভকত॥
কেৱলে ভকতি মাত্ৰ সংসাৰ তৰণ।
আত পৰে আন যত সবে বিড়ম্বন॥
হেন জানি নিৰন্তৰে এৰি আন কৰ্ম্ম।
হৃদয়ত পাদ-স্মৰি লোৱা কৃষ্ণ নাম॥
কৃষ্ণৰ কিঙ্কৰে কহে ভাগৱত মত॥
বোলা হৰি হৰি সবে যত সভাসদ।

.....................


৮৩। মূল ঘোষাঃ-

যমুনাৰ তীৰতে  কদমৰ তলতে
 মোহন মূৰুতি বেশে।
নাম ধৰি ধৰি  ডাকিছে গোসাঁয়ে
 মধুৰ মূৰুলী ৰসে॥

পদঃ–

বংশী ধ্বনি শুনি  গোকুলৰ গোপিনী।
 গ’ল যমুনাৰ জলে।
কাষত কলসীলৈ  সকলো ঘাটলৈ।
 স্নান কৰিবৰ চলে।

(১৫৩)