পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


৮২। মূল ঘোষাঃ—

অশ্বস্থৰ তলে বহি প্ৰভূ যোগেশ্বৰে।
দাৰুকক আদেশিলা দ্বাৰকা নগৰে॥
প্ৰিয় সখা অৰ্জ্জুনক দিবা মোৰ জান।
বৈকুণ্ঠক লাগি যাওঁ এৰি ওহি স্থান॥

পদঃ-

দাৰুক তুমি মোৰ বাৰ্ত্তা অৰ্জ্জুনক দিবা।
ষোড়শ হাজাৰ ভাৰ্যা ইন্দ্ৰ প্ৰস্থে নিবা॥
গোসাঁই গ'ল বৈকুণ্ঠলৈ দাৰুকে কান্দিলে।
ধন-জন-সহ-ভাৰ্যা অৰ্জ্জুনক দিলে॥
অৰ্জ্জুনে বোলন্ত মোৰ হাঁ প্ৰাণ সখি।
কিয় প্ৰাণ নযাই মোৰ তোমাক নেদেখি॥
কিবা দোষ আচৰিলে নপৰয় মনে।
প্ৰিয় সখা অৰ্জ্জুনক এৰি গৈলা কেনে॥
কৃষ্ণক নেদেখি পাৰ্থ বিয়াকুল হৈলা।
পঞ্চভাতা সঙ্গে এৰি বৈকুণ্ঠে চলিলা॥
দ্বাপৰ যুগৰ কৰ্ম্ম সম্পূৰ্ণ কৰিলা।
গোসাঁই গ'ল বৈকুণ্ঠলৈ হৰি হৰি বোলা॥
যমুনাৰ তীৰে তীৰে উদ্ধৱ ফুৰে কান্দি।
বিদুৰে পুছয় বাৰ্তা কৃতাঞ্জলি কৰি॥
উদ্ধৱত সোধে বাৰ্তা বিদুৰ মহন্ত।
মাধৱৰ পুত্ৰ-ভাৰ্যা কুশলে আচন্ত॥
কান্দি কান্দি কয় কথা উদ্ধৱ বান্ধৱ।
বিদুৰক লগ পাই কৈলা বাৰ্তা সৱ॥
প্ৰভূ গ’ল বৈকুণ্ঠলৈ কাক থাকিম চাই।
হেন হৰি বঞ্চিত কৰিলে বিধাতাই॥
উদ্ধৱ-সহিতে গৈলা বিদুৰ মহন্ত।
ভকতিৰ বাণী দিলা সৱ সাধু-সন্ত॥

১৫২