পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৬০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


অবোধ সন্তানে চোৱা নাজানো ভকতি।
নিজ গুণে তুষ্টি হোৱা প্ৰভূ যদুপতি॥
তুমি যে কেৱল সত্য মিছা সবে আন।
জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান॥
হৰি কীৰ্ত্তনত যাৰ মিলয় সন্তোষ।
সৰ্ব্ব সুখভাগী হোৱে হৰে কলি দোষ।
আনত নভজি লয় মোহত শৰণ।
কায় বাক্য মনে নমে মোহোৰ চৰণ॥
মোত অৰ্পি কৰ্ম্ম কৰে নজানয় আন।
ঘোৰ ৰূপ সংসাৰত মই কৰো ত্ৰাণ॥
ভকতিৰ আছে যত জ্ঞান বিৰকতি।
জানিয়া কৃষ্ণৰ পাৱে ধৰা দৃঢ়মতি।
কৃষ্ণৰ চৰণ নিতে চিন্তা হৃদয়ত।
কৃষ্ণৰসে অংশবিশেষ জানিবা মনত॥
নেদেখিবা তক্ষককো পাৱত দংশন্ত।
এতেকে তোমাক নিস্তাৰিবা ভগৱন্ত॥
জনম স্মৰণ ইটো দেহৰেসে ধৰ্ম্ম।
মনে স্ৰজে জীৱৰ শৰীৰ গুণ-কৰ্ম্ম।
যত পৰামাৰ্থ তত্ব কহিলো বিদিত।
হেন মনে জানা তুমি স্থিৰ কৰি চিত্ত॥
যিটো মই সেহি ব্ৰহ্ম মানা হেন মনে।
যিটো ব্ৰহ্ম সেহি মই জানা সৰ্ব্বক্ষণে॥
তোমাৰ কিশোৰ মোহ গুচিল নিশ্চয়।
আউৰ নুপজে মনে মোহ মৃত্যু ভয়॥

.......................

(১৫১)