পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

ভকতে সাকাৰ ৰূপ চিন্তি নামম্মৰে।
জ্ঞানীয়ে নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে॥
হেন জানি হৃদয়ে ৰূপ চিন্তি স্মৰা নাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥

...................

৮১। মূল ঘোষাঃ-

ৰাম নামে মহাশক্তি কৃষ্ণ নামে গতি।
হৃদয়তে কৃষ্ণ আছে চাৰি অস্ত্ৰ ধৰি॥
হেন কৃষ্ণ ভগৱন্ত দেবাদিৰো দেব।
তাহাৰ চৰণ মাত্ৰ সদা কৰে সেৱ॥

পদঃ-

ভকত ৰঞ্জন প্ৰভূ ভকত জীৱন।
হৃদয়তে থাকি নাম দিয়া দৰিশন॥
ৰাম নাম প্ৰেমলতাই জগৰ আছে জুৰি।
নামকে বিচাৰি ফুৰো ব্ৰহ্মাণ্ডত ঘূৰি॥
দুষ্টক দমিলা প্ৰভূ সন্তক পালিলা
ৰাম নাম দিয়া হৰি সংসাৰ তৰিলা॥
ক'ত আছা হৰি বুলি নাপাওঁ বিচাৰি।
শৰীৰতে আছা প্ৰভূ আত্ম ৰূপ ধৰি॥
বুজি লবা শাস্ত্ৰ তত্ব জপি লবা নাম।
ৰাম জপিলেহে জীৱৰ পৰিত্ৰাণ॥
শুনা শুনা সৰ্ব্বজন কৃষ্ণৰ চৰিত্ৰ।
অপ্ৰয়াসে মুক্তি পাবে হৰি কীৰ্ত্তনত॥
তীৰ্থ–ব্ৰত যাগ-যোগ যত ধৰ্ম্ম আছে।
কলিত কীৰ্ত্তনে সৰ্ব্ব ধৰ্ম্ম ৰহি আছে॥
হৰি নাম হৰি নাম লোৱা বাৰে বাৰ।
আৰ কি ভৰষা আছে মানৱী হোৱাৰ॥

(১৫০)