পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


বকৰূপী কংস সখা অসুৰ দুৰ্জ্জন।
ঠোট ছিৰি বধিলন্ত যশোদা নন্দন॥
গধূলি গৰুক আনি গোপগণ যত।
পথবুলি পশিলন্ত তাহাৰ গৰ্ভত॥
অথন্তৰ দেখি কৃষ্ণ পৰম ঈশ্বৰ।
একেলগে পশিলন্ত গৰ্ভত তাহাৰ॥
বৈষ্ণৱী মায়াক কৰি প্ৰভূ দামোদৰ।
বাঢ়িবে লাগিল পাছে গৰ্ভৰ ভিতৰ॥
বাঢ়ি গৈয়া অসুৰৰ মুধা ফুটাইলস্ত।
মুকুতিক পায়া অঘে প্ৰাণ এৰিলন্ত॥
কতো বেলা অন্ন খাই বসিয়া মাজত।
চাৰিওফালে বসি খাই গোপ শিশু যত॥
এহিমতে গৰখীয়া মুখ্য কৃষ্ণ-ৰাম।
সপ্তম বৰিষ ভৈল দেখিতে সুঠাম॥
গোপ লগে লৈয়া গুৱালৰ সুত।
বৃন্দাবনে গৰু চাৰে যমুনা তীৰত॥
ত্ৰিজগতে বন্দে যাক নমো হৃদিশ্বৰ।
তাহাৰ চৰণে কৌটি কৌটি নমস্কাৰ॥

....................

৮০। মূল ঘোষাঃ-

দশঅৱতাৰ ধৰি প্ৰভূ নাৰায়ণ।
বলিক চলিলা ৰূপ ধৰিয়া বামন॥
তিনিপদ দান লৈয়া স্বৰ্গকো উদ্ধাৰি।
ভকতকো উদ্ধাৰিলা দেৱ শ্ৰীহৰি॥

পদঃ-

মৎসৰূপে অৱতাৰ ধৰা প্ৰথমত।
বামন স্বৰূপে অৱতাৰ পঞ্চমত॥

(১৪৮)