পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


দৈৱকী দেখিলা দিব্যৰূপী নাৰায়ণ।
কাতৰ কৰিয়া বোলে হৈয়োক প্ৰসন্ন॥
চতুৰ্ভূজ ৰূপ ঢাকি হৈয়োক বালক।
অবতাৰী বুলি কংসে যেন নজানোক॥
কৃষ্ণে বোলে পিতৃ মাতৃ ভয় তেজিয়োক।
উপায় দিলোহো মই তাঙ্ক কৰিয়োক।
মোক লৈয়া নন্দৰ ঘৰে সত্বৰে চলিয়ো।
যশোদাৰ বুকে দিয়া কন্যাক আনিয়ো॥
কন্যা মাত্ৰ দেখিবেক কংস দুৰাশয়।
গকুলত নন্দঘৰে বাঢ়িবো নিশ্চয়॥
এহিবুলি নাৰায়ণ শিশুৰূপ ভৈল।
কাৰাগাৰে বসুদেৱৰ জিঞ্জিৰি ছিগিল॥
যোগমায়া দেৱীৰ প্ৰভাৱে সৰ্ব্বজন।
নন্দসবে নিদ্ৰা গৈল হুয়া অচেতন॥
বসুদেৱে শিশু পুত্ৰ কোলে তুলিলৈ।
তাৱক্ষণে গৈলা চলি বুলি গকুললৈ॥
ঘোৰ বৃষ্টিপাত ভৈলা বাৰিষা নিশাত।
ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজ॥

ভাঙনি ঘোষাঃ-

গোৱালৰ ঘৰে থাকি দৈৱকী নন্দন।
ধেনুচাৰি পবিত্ৰ কৰিলা বৃন্দাবন॥

পদঃ-

যশোদাৰ পুত্ৰ দেখি আনন্দিত মন।
সমস্তৰে আত্মা যিটো গোকুলৰৰ ধন॥
যত গোপ বালকৰ সঙ্গে ঘনশ্যাম।
গৰু চাৰি ফুৰিলন্ত লগে বলৰাম॥
কংসৰ আদেশক্ৰমে যত দৈত্য আসে।
তুমি অগনিত যেন পুৰি মৰে জাসে॥

(১৪৭)