পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৫৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


ধৰা ধামে ধৰ্ম্ম ৰক্ষাহেতু কৃষ্ণ ৰাস।
নন্দঘৰে উপজিলা কৰি পূৰ্ণকাম॥
তপ জপ ধ্যানে যাক নপাই যোগীগণে।
নন্দ যশোদায়ে পাইল কিনো পুণ্য বলে॥
কহয় মাধৱ মাই কিনো তাপসাইলা।
ত্ৰিজগতৰ পতি-হৰি ৰাসোৱাল পাইলা॥
হেন ভগৱন্ত প্ৰভূ দেৱাদিৰো দেৱ।
তোমাৰ চৰণে মাত্ৰ সদা কৰে সেৱ॥

................

৭৯। মূল ঘোষাঃ-

কৃষ্ণ তুমি জন্ম লৈলা কংস কাৰাগাৰে।
বসুদেৱে থৈলে আনি যমুনা সিপাৰে॥
দৈৱকীৰ পুত্ৰ পালে যশোদাৰ ঘৰে।
গোৱালৰ বেশে আহি জগত উদ্ধাৰে॥

পদঃ-

সুৰভি শীতল সুমঙ্গল বহে যাত।
কৃষ্ণ পক্ষ অন্ধকাৰ দুপৰ ৰাতিত॥
অষ্টমীত ৰোহিনী নক্ষত্ৰ মিলিল।
সেহি সময়ত প্ৰভূ জনম লভিল॥
গন্ধৰ্ব অপ্সৰা গণে, কৰে নৃত্য গীত।
মধুৰ শবদে গৰ্জে মেঘে আকাশত॥
দেৱগণে পুষ্প বৃষ্টি কৰিতে লাগিল।
বসুদেৱে কৃষ্ণৰূপী ব্ৰহ্মীক দেখিল॥
পৰি প্ৰনামিলা শঙ্খ চক্ৰ গদাধৰ।
বোলে দিব্য ৰূপ ঢাকা প্ৰভূ বিশ্বম্ভৰ॥
তুমি জন্ম হোৱা কথা কংসই জানিব।
এতিক্ষনে সৰ্ব্বনাশ আমাৰ মিলিব॥

(১৪৬)