পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


৭৮। মূল ঘোষাঃ-

ব্ৰহ্মাণ্ডৰ স্ৰষ্টা ব্ৰহ্ম সত্য-সনাতন।
ব্ৰজবাসীৰূপে আসে ৰাম কৃষ্ণ ধন।
গোপ শিশু সঙ্গে ৰঙ্গে কৰে মহালীলা।
গকুলৰ কিনো ভাগ্য যোগীয়ে বুলিলা॥

পদঃ-

তাল বাজে মৃদং বাজে, বাজে শিঙা বেনু।
আকাশে দুন্দুভি বাজে আহে ৰাম-কানু॥
গধূলি গোধেনু আইল হাম্বাৰাৱে কৰি।
কৃষ্ণ চন্দ্ৰ উদয় হৈছে গকুল নগৰী॥
আহিছে বিনন্দ কানাই দেখা দেখা আই।
কোলে লোৱা তোমাৰ পুত্ৰ চৰণ ধুৱাই॥
আহা কৃষ্ণ বলো আহাঁ দুয়ো ভাই।
ৰোহিনি যশোদা ডাকে পদূলি ওলাই॥
দৈ থৈছো দুগ্ধ থৈছো আৰু থৈছো লাৰু।
শীতল পাটী পৰি থৈছো তাতে থৈছো গাৰু॥
খোৱা যোগাৰ কৰি থৈছো পেট ভৰি খাবা।
সোণৰ বাংশী গঢ়াই থৈছো ৰংমনে বাবা॥
গধূলিৰে ধেনু চাৰি আহে নীলমণি।
ধুলা জাৰি কোলে ললে নন্দেৰ ঘৰিণী॥
নন্দন নন্দন বাচা আইলা যদুবাই।
ৰৌদ তাপে দুখ পাইল মাৰ মুখ চাই॥
কুলুকুলু বৈয়া আছে যমুনাৰ নৈ।
গোপ শিশু সঙ্গে চলে বৃন্দাবনলৈ॥
গুণৰ অতীত তুমি নিত্য নিৰঞ্জন।
বনমালীৰূপে ব্ৰজে আইলা নাৰায়ণ॥
চোৱা চোৱা নন্দৰাণী নয়নভৰি চোৱা।
ধেনু বৎস সঙ্গে বাংশী আসিলা কলীয়া॥

(১৪৫)