পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

দুৰ্লভ প্ৰভূক  অপ্ৰয়াসে পাইলা
 গুণা গুণ একচিত্তে॥
যাৰ বাবে বেদ  পাদোক গঙ্গা
 ত্ৰৈলোক্য পবিত্ৰ কৰে।
যাৰ কীৰ্তি যশ  শ্ৰৱণে কীৰ্ত্তনে
 জগত আতি উদ্ধাৰে॥
যাৰ নাম মাত্ৰ  স্মৰণে নিস্তাৰ
 পৰম পাতকীচয়।
হেন মাধৱক  সদা দেখা কিনো
 দুৰ্লভ ভাগ্য উদয়॥
কালে নাশ গৈলে  যাহাৰ মহিমাই
 নোপজে শস্য কিঞ্চিত।
যাৰ পাদ পদ্ম  পৰশে সম্পূৰ্ণ
  ভৈল ভূমি কৃত কৃত॥
যেই যিবা আবে  বাঞ্চে পৃথিৱীত
 পূৰ্ণহোন্তে সেহিকাম।
যাহৰ প্ৰসাদে  জগতৰে ভৈল
 মহাদুখ উপশম॥
হেন ঈশ্বৰক  দৰশন পাই
 পৰশ আপোন হাতে।
মূখ্য সুখ এৰি  কৃষ্ণৰ সেৱাত
 সুখ দুখ অভিলাষে॥
কিনো মহাভাগ্য  গৃহটি কৰন্ত
 আপুনি বিষ্ণু নিবাস।
নলাগে তীৰ্থক  জপ-যজ্ঞ-যাগ।
 আছন্ত প্ৰভূ বিদিত॥

(১৪১)