পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


পদঃ-

সুৰভি শীতল সুমঙ্গল বহে যাত।
কৃষ্ণপক্ষ অন্ধকাৰ দুপৰ ৰাতিত॥
অষ্টমীত ৰোহিনী নক্ষত্ৰ মিলিল।
সেহি সময়ত প্ৰভূ জনম লভিল॥
গন্ধৰ্ব্ব অপস্বৰা, গণে কৰে নৃত্য গীত।
মধুৰ শবদে গৰ্জে মেঘে আকাশত॥
দেৱগণে পুষ্প বৃষ্টি কৰিতে লাগিল।
বসুদেৱে কৃষ্ণৰূপী ব্ৰহ্মক দেখিল॥
পৰিপ্ৰণামিলা শঙ্খ চক্ৰ গদাধৰ।
বোলে দিব্য ৰূপ ঢাকা প্ৰভূ বিশ্বম্ভৰ॥
তুমি জন্ম হোৱা কথা কংসই জানিব।
এতিক্ষনে সৰ্ব্বনাশ আমাৰ মিলিব॥
দৈবকী দেখিলা দিব্য ৰূপী নাৰায়ন।
কাতৰ কৰিয়া বোলে হৈয়োক প্ৰসন্ন॥
চতুৰ্ভূজ ৰূপ ঢাকি হৈয়োক বালক।
অৱতাৰী বুলি কংসে যেন নাজানোক॥
কৃষ্ণে বোলে পিতৃ মাতৃ ভয় তেজিয়োক
উপায় দিছোহো মই তাকে কৰিয়োক॥
মোকলৈ নন্দঘৰে সত্বৰে চলিয়ো।
যশোদাৰ বুকে দিয়া কন্যাক আনিয়ো॥
কন্যা মাত্ৰ দেখিবেক কংস দুৰাশয়।
গকুলতে নন্দ ঘৰে বাঢ়িবো নিশ্চয়॥
এহিবুলি নাৰায়নে কেচুৱা হৈইলা।
কাৰাৰূদ্ধ বসুদেৱে শৃঙ্খল ছিগিলা॥
যোগমায়া দেবীৰ প্ৰভাবে সৰ্ব্বজন।
পৰিপৰি নিদ্ৰা গৈল হুয়া অচেতন॥

(১৩০)