পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


পদঃ—

শুনিও উদ্ধৱ আৰু ৰহস্য ভকতি।
কৰিবা অভ্যাস তুমি স্থিৰ কৰি মতি॥
সমস্ত ভূততে ব্যাপি আছো মই হৰি।
সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি॥
ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
দাতাত চোৰত যেন দৃষ্টি এক তুল॥
নীচত সাধুত যাৰ ভৈলা এক জ্ঞান।
তাহাকেসে পণ্ডিত বোলয় সৰ্ব্বজন॥
বিশেষত মনুষ্য গণত যিটো নৰে।
বিষ্ণু বুদ্ধি ভাবে সৰ্ব্বদায় মান্য কৰে॥
ঈৰিষা অসূয়া তিৰস্কাৰ অহংকাৰ।
সবে নষ্ট হোৱৈ তেৱে তাৱক্ষনে তাৰ॥
দেখি সখি গণে জোনো হাসৈ আসি বেঢ়ি।
মই সাধু ইটো চোৰ হেন লজ্জা এৰি॥
কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম॥
সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে।
কায় বাক্য মনে অভ্যাসিবা এহি ভাৰে॥
বিষ্ণু ময় দেখে যিটো সমস্ত জগত।
জীৱন্তে মুকুত হয় অচিৰ কালত॥
সকল প্ৰাণীক দেখিবেক আত্ম সম।
উপায় মধ্যত ইটো অতি মুখ্য তম॥

...................

৭১। মূল ঘোষাঃ-

কৃষ্ণ তুমি জন্ম ললা কংস কাৰাগাৰে।
বসুদেৱে নিলে তোমাক যমুনাৰ সিপাৰে॥

(১২৯)