পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

আউৰ কাক দেখি  ৰাখিবা জীৱন
 ভৈলো অন্ধ সমুদায়।
ঐ প্ৰাণ হৰি  পৰিশ্চেদ কৰি
 খানিতেকো থাকে চাই॥
এ-ৰাম-এহি বুলি পদ  পঙ্কজক তুলি
 থৱন্ত কতো মাথাত।
কতো আসি মুখে  সমস্ত সাবতি
 থাপন্ত কতো হিয়াত॥
শোকে মক মকি  কান্দন্ত বিকলে
 কতো চৰণত ধৰি।
সন্তাপতে অতি  লোতকে তিয়াইল
 মাধৱৰ দুই ভৰি॥
কৃষ্ণ উপদেশে  জানিলা নিঃশেষে
 অদ্যাপি পৰম জ্ঞান।
তথাপি কৃষ্ণক এৰিবে খোজন্তে
 যেন ফুটি যায় প্ৰাণ॥
ভৃত্যৰ সন্তাপ  দেখি কৃপাময়
 নয়ন ভৈলা সজল।
উদ্ধৱক ধৰি  প্ৰবোধে বোলন্ত
 তেজিয়া আবে বিকল।
আমাৰ দুই খনি  খৰম লৈ যাহা
 কৰা শোক পৰিহাৰ।
আকে সেৱা কৰি  থাকা প্ৰাণ সখি
 পালিয়া আজ্ঞা আমাৰ॥

ভাঙনি ঘোষা :-

কৃষ্ণ যায় বৈকুণ্ঠলৈ অশ্বত্থৰ তলে
পৰম ৰহস্য ভক্তি উদ্ধৱক কলে॥

(১২৮)