পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

জয় জয় বুলি সবে আনন্দে মগন॥
মহাভাৰতৰ কথা অমৃত সমান।
কাশী ৰামদাসে কহে শুনা পূণ্য বান॥

.....................

৭০। মূল ঘোষাঃ-

শুনাহে উদ্ধৱ  মোৰে প্ৰাণ বান্ধৱ
 বদৰিকা শ্ৰমে চলা।
প্ৰাণ বিদূৰক  দেখা মই নাপালো
 বৈকুণ্ঠ যাবৰে বেলা॥

পদঃ—

স্বামীৰ আদেশ  শুনিয়া উদ্ধৱ
 উঠিলন্ত চালি গাৱ।
কৃষ্ণৰ বিয়োগে অগণি উধাইল
 অধিক আকুল ভাৱ॥
কৃতাঞ্জলি ধৰি  প্ৰদক্ষিন কৰি
 ফুৰিলন্ত বাৰ সাত।
কৃষ্ণ কৃষ্ণ কৰি দণ্ডৱতে পৰি
 কৰিলন্ত প্ৰণিপাত॥
ইটো পদ পদ্ম  দুনাই নেদেখিবো
 কৰিবো কাহাক সেৱ।
ইজন্মক লাগি  আজি মৰি যাও
 মোৰ প্ৰাণ ইষ্ট দেৱ॥
দেৱৰো দুৰ্ল্লভ  দুখনি চৰণ
 কত পূণ্যে পাইললা লাগ।
চিৰকাল আক সোবতে নাপাইলো
 মিলিল মোৰ অভাগ॥

(১২৭)