পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১৩০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


ভকতৰ সঙ্গতে  ভকতি কৰন্তে
 পাইবা মোক মহামানি॥

পদঃ-

স্বামীৰ আদেশ  শুনিয়া উদ্ধব
  উঠিলন্ত চালি গাৱ।
কৃষ্ণৰ বিয়োগে অগনি উধাইল
 অধিকে আকুল ভাৱ॥
কৃতাঞ্জলি ধৰি  প্ৰদক্ষিন কৰি
 ফুৰিলন্ত বাৰ সপ্ত।
কৃষ্ণ কৃষ্ণ বড়ি  দণ্ডৱতে পৰি
 কৰিলন্ত প্ৰনিপাত॥
ইটো পাদ পদ্ম  দুনাই নেদেখিবো
 কৰিবো কাহাক সেৱ।
ইজন্মক লাগে  আজি এৰি যাও
 মোৰ প্ৰাণ ইষ্টদেৱ॥
দেবৰো দুৰ্লভ  দুখানি চৰণ
 কত পূণ্যে পাইলো লাগ।
চিৰকাল আক  সেবিতে নপাইলো
 মিলিল মোৰ অভাগ॥
আউৰ কাক দেখি  ৰাখিবো জীৱন
 ভৈলো অন্ধ সমুদায়।
ঐ প্ৰাণ হৰি  পৰি ছেদ কৰি
 ক্ষণিতেকো থাকো চাই।
এহিবুলি পদ  পঙ্কজক ধৰি
 থৱন্ত কতো মাথাত।
কতো খানি মুখে  ঘসন্ত সাবতি
 থাপন্ত কতো হিয়াত॥

(১২১)