এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ
চিত্তবিত্ত পাত্ৰ সবে আপবিত্ৰ
মাথো মনুষ্যৰ বেশা॥
হেন জানি আন দুৰতে তেজিয়া
ভকতিক কৰা সাৰ।
শ্ৰৱণে কীৰ্তনে সংসাৰক তৰে
মহা সুখে পাই পাৰ।
জানিয়া কৃষ্ণৰ চিন্তিয়ো চৰণ
মুখে লোৱা কৃষ্ণ নাম।
কৈত কেতিক্ষণে মিলয় মৰণ
ডাকি বোলা ৰাম ৰাম॥
............
৩। মূল ঘোষাঃ-
শঙ্কৰ জিলিকিছে কীৰ্ত্তনৰ পাতত
মাধৱ জিলিকিছে ঘোষাৰে মাজত।
চোৱা যতনে আছে পুথিৰ মাজত
দুয়োজনা গুৰু সদা আমাৰ কাষত।।
পদঃ-
ইসৱ ধৰ্ম্মত তুষ্ট নহওঁ সিমত
যেনমতে হওঁ মই গুৰু ভজনত,
যদি হওঁ সমস্তৰে আত্মা আন্তযামী
তথাপিতো গুৰু সেৱাতেসে তুষ্ট আমি।।
যিটো জনে ভকতি জ্ঞানক দান কৰে
তাঙ্ক সেৱা কৰি সিটো সংসাৰক তৰে,
এতেকে সেহিসে বুদ্ধিমন্ত নৰোত্তম
জগতত আন আৰু নাহি তাৰ সম।।
জন্মদাতা পিতৃত কৰিয়া শ্ৰেষ্ঠ আতি
(৪)