পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


শৰীৰৰ ৰোম চন্দ্ৰ, সম শুক্ল বৰ্ণ।
তুলি আছে উদ্ধক স্তবধ দুই কৰ্ণ॥
পাইলা সুখ যেন গিৰি গহ্বৰ পৰায়।
প্ৰচণ্ড বতাস যেন নিশ্বাসে বজায়॥
প্ৰকাশয় কেশ শিৰে বৰিষ কিৰণ।
ভ্ৰূকুটি কটিল মুখ বিকট দৰ্শন।
লহ লহ কৰে ডিহ্বা যেন ক্ষুৰ ধাৰ।
জ্বলে বাহু শত তীক্ষ্ণ নখে চমৎকাৰ॥
বহল হৃদয় দীৰ্ঘ গ্ৰীবা কৃশ কটি।
জিব্বা মেলি আছা দুয়ো দশন প্ৰকতি।
হেন দেখি দৈত্যেন্দ্ৰৰ মনত গুণে ভৰি।
আমাক বধিয়ে বিষ্ণু আইলা মায়া কৰি॥
মনে বিমৰিষি পাছে গদাক উচ্ছাই।
দানব যাতঙ্গ গৈল নৃসিংহক ধাই॥
নেদেখিয়া দৈত্যন্দ্ৰক নৃসিংহৰ পাশে।
লুকায় পতঙ্গ যেন অগণিত জাসে॥
ছিন্দ্ৰ চাই পাক ফুৰে দৈত্য দুৰাচাৰ।
নৃসিংহক দিল ঘোৰ গদাৰ প্ৰহাৰ॥
এৰাইলন্ত নৰসিংহ কাতি কৰি কায়।
পাজৰত ফুৰে দৈত্য পতঙ্গ পৰাই॥
গদায়ে সহিতে ধৰিলন্ত দিয়া চাম্প।
গৰুড়ৰ হাতত বাজিল যেন সৰ্প।

..................

৬৭। মূল ঘোষাঃ-

ওলালো যাবলৈ  বৈকুণ্ঠ ধামলৈ
 নাকান্দা উদ্ধৱ তুমি।

(১২০)