পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

আকাশত হৰিনাম   বতাহত হৰিনাম
 হৰি নাম অমৃত সমান।

পদঃ-

শুনিয়োক সভাসদ   মহাভাগৱত পদ
  সমস্তে শাস্ত্ৰৰ এহি সাৰ।
কলি পাপ সাগৰত   বিনে কৃষ্ণ কীৰ্ত্তনত
  আন ধৰ্ম্মে নাহিকে নিস্তাৰ॥
শুক দেৱ মহাজ্ঞানী   তান বাক্য সত্য মানি
  হৰিৰ চৰণে দিয়া চিত্ত।
আন ধৰ্ম্ম কৰ্ম যত   তেজি সাধু প্ৰসঙ্গত
  কৃষ্ণ কথা শুনা প্ৰতিনিত॥
নমো নমো কৃষ্ণদেৱ   তযু পাৱে কৰো সেৱ
 মোক আসি পাইলে অন্তকালে।
কেশ চয় পকি গৈল   দন্ত সৱ জীৰ্ণ গৈল
 সোতোৰা সুতুৰি ভৈল ছাল॥
নয়নে বহয় নীৰ   শৰীৰ নুহিকে থিৰ
  বাক্য আৰ নবজাই ভাল।
জীৱন জল ৰেখা   তথাপি নুগুছে আশা
 নিছিণ্ডয় মহামায়া জাল॥
আকে কেনে হৈবে মোৰ   কেতিক্ষনে কাল চোৰ
 পৰমায়ু হৰি লৈয়া যায়।
জানি কৃষ্ণ কৃপা কৰা   নিজ দাস বুলি ধৰা
 মোৰ বন্ধু আন নাই নাই॥
তোমাৰ ভক্তৰ সঙ্গে   তযু কথা শুনো ৰঙ্গে
 মুখে লৈবো তুৱা গুণ নাম।
এহি বাঞ্চা সিদ্ধি হোক   যত সমাজিক লোক
 ৰাম কৃষ্ণ বোলা সবে ৰাম॥

(১১৮)