পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


প্ৰকৃতিৰ গুণ বিনে ভিন্ন নাহি কয়॥
কপিল প্ৰমূখ্যে মুনি কহয় ইয়াক।
ষোৰশ বিকাৰ কহো শুনা আবে তাক।
এঘাৰ ইন্দ্ৰিয় সম পঞ্চ ভূত চয়।
এসম্বাৰ সাক্ষী জীৱ জানিবা নিশ্চয়॥
সহদাদি সাত কাৰ্য্য কাৰণ হোৱয়।
প্ৰবৃত্তি নিবৃত্তি বুলি তাহা কেনে কয়॥
ইন্দ্ৰিয় সকল কাৰ্য্য কাৰণ হোৱয়।
বিকাৰ বুলিয়া আৰু শাস্ত্ৰত কহয়॥
স্থাৱৰ জঙ্গম যত প্ৰপঞ্চ আচয়।
সমস্ত জগত আত্মা ব্যাপিতে নিশ্চয়॥
এতেকতে আত্মক বিচাৰে যিটোজন।
তেবেসে তাহাৰ পাছে শুদ্ধ হোৱে মন॥
আত্মা নিৰমল দ্বাৰে কৰে বিচৰণ।
জগতত ব্যাপি আছা শুদ্ধ সনাতন॥

...................

৬৪। মূল ঘোষাঃ-

তুমি দেৱ নাৰায়ণ সবাৰ ঈশ্বৰ।
তোমাত আছয় যত সেহি চৰাচৰ॥
তোমাৰ মায়ায়ে মুহি আছে যত প্ৰাণী।
সমস্তকে কৰা দয়া প্ৰভূ চক্ৰপানী।

পদঃ-

জানিলো জগত হেতু তুমি নাৰায়ণ।
যাৰ নাভি পদ্মে ভৈলা ব্ৰহ্মা উতপন॥
ব্ৰহ্মাকো কৰিলা বন্দী মায়াৰ গুণতে।
নিগুৰ্ণ গুনক প্ৰভু জানিবো কিমতে॥
ভকতৰ মনে তুমি পৰম ঈশ্বৰ।

(১১৬)