সকলে কৰিবা পৰলোকক গমন॥
যম যাতনাক নিষ্ঠে ভূঞ্জিবাক লাগে।
হেন ঈশ্বৰক কেনে নভজয় আনে॥
সংসাৰ সাগৰ পাৰ কৰা যাৰ নামে।
হেন ঈশ্বৰক হেলা কৰা কোন কামে॥
হেন নাম উচ্চাৰিয়া দ্বিজ অজামিল।
কৰ্মৰ বন্ধন চিণ্ডি মুকুতি লভিল॥
৬৩। মূল ঘোষাঃ-
তুমি সৃষ্টি তুমি স্থিতি তোমাত প্ৰলয়।
সত ৰজ তম গুনে তুমি কৃপাময়॥
আকাৰ বিহীন দীন দয়া শীল নাম।
বিৰিঞ্চ কুলত জন্ম নৱ ঘনশ্যাম॥
পদঃ-
ভক্তিসে কল্যান পথ কহিলো বুজাই।
ঈশ্বৰত চিত্ত দিলে মুকুত হোৱয়॥
মন শুদ্ধ আদি কৰি যতেক আচয়।
সৎ সঙ্গ সবাৰো মূল জানিবা নিশ্চয়॥
হেন জানি যিটো নৰ বুদ্ধিমন্ত হয়।
প্ৰথমতে ভকতিত কৰিবে নিশ্চয়॥
তেবেসে সংসাৰ দুখ তৰে অপ্ৰয়াসে।
মহা সুখে চলে ঈশ্বৰৰ সিটো পাশে॥
মোহ অহঙ্কাৰ মূল প্ৰকৃতি আচয়।
ৰূপ ৰস গন্ধ শব্দ পৰশ নিশ্চয়॥
এই অষ্ট প্ৰকৃতিসে সবাৰো কাৰণ।
প্ৰকৃতিৰ তিনিগুণ শুনা কৰি মন॥
সত ৰজ তম প্ৰকৃতিৰ গুণ চয়।
(১১৫)