পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


কেমনে নসাধে বন্ধু কৃষ্ণৰ ভকতি॥
হেন জানি লৈয়ো সবে কৃষ্ণত শৰণ।
কৃষ্ণ পদ নৌকা বিনে নাহিকে তৰণ॥

...........................

৬১। মূল ঘোষাঃ-

জীৱ আত্মা পৰমাত্মা দুই ককাই ভাই।
হিয়াৰ মধ্যে বহি আছে চিনা জনা নাই॥
তাতে এখন নদী আছে বয় তীক্ষ্ণ ধাৰে।
কাল বিকাল দুটি পক্ষী ইপাৰে সিপাৰে॥

পদঃ-

একেসে ঈশ্বৰ আছে সমস্তে জনত।
পৰমাত্মা ৰূপে আছেসমস্তে ভূতত॥
দুই জনা আছে ব্যাপি পুৰুষ প্ৰকৃতি।
জীৱ আত্মা ৰূপেৰে পঞ্চভূতে স্থিতি॥
তিনি জনে আছে জানা সত ৰজ তম।
ব্ৰহ্মা বিষ্ণু ৰূদ্ৰ ৰূপে দেৱতো উত্তম॥
চাৰি যুগে চাৰি বৰ্ণ জানিবা দেহাত।
সত্য ত্ৰেতা দ্বাপৰ আৰু শৈশৱ কলিত॥
পঞ্চ ভূত পঞ্চমালা পিন্ধিয়া আচয়।
পঞ্চ জ্ঞানেন্দ্ৰিয় বুলি শাস্ত্ৰতো কহয়॥
ছয় চক্ৰ শৰীৰৰ ছয় থানে আছে।
ছয় ৰিপু বুলি তাক শাস্ত্ৰই বসানিছে॥
অস্ত্ৰ প্ৰকৃতিক সবে মায়া বুলি কয়।
আৰু অস্ত্ৰ বসু ৰূপেশাস্ত্ৰে বসানয়॥
নবদ্বাৰে নবগ্ৰহ দ্বাৰী হৈয়া ৰৈলা।
মধ্যে পৰমাত্মা গুৰু কাণ্ডাৰী যে ভৈলা॥
একৰ লগত শূণ্য দিলে দহ হয়।

(১১৩)