পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


পদঃ-

তযুনাম কীৰ্ত্তনে সবাৰো দুখ দূৰ।
তোমাৰ নামৰ প্ৰভূ মহিমা প্ৰচুৰ॥
জানিয়া কলিত যিটো কৃষ্ণৰ নামক।
আপুনি কীৰ্ত্তন কৰে কৰাৱে আনক॥
মহাভাগ্যৱন্ত আক নাহি তাৰ সম।
তৰিল সংসাৰ সুখে সি সি নৰোত্তম॥
তোমাৰ নামত প্ৰভূ শৰণ নলৈলো।
তোমাৰ চৰণ প্ৰভূ জানি নভজিলো॥
মই দুৰাচৰ ভৈলো তোমাৰ সেৱাত।
নানা দুখ ক্লেশ ভোগো তোমাৰ মায়াত॥
জানিয়া শৰণ লৈলো তোমাৰ চৰণে।
চৰণে শৰণ লই ভজিলো অজ্ঞানে॥

ভাঙনি ঘোষাঃ-

নলাগয় গঙ্গা গয়া তীৰ্থক কৰিতে।
বিচাৰি দেখোক সবে আছে শৰীৰতে॥

পদঃ-

হৃদয়তে আছে কৃষ্ণ পাবহি বিচাৰি।
মহাপাপী জনো তৰে কৃষ্ণক সুমৰি॥
এক পুৰুষৰ বিনে আন গতি নাই।
কৃষ্ণক ভজিলে আৰে সবে তীৰ্থ পায়॥
মাধৱত পৰে আবে আন গতি নাই।
সকলো শাস্ত্ৰৰ জনো ইসে অভিপ্ৰায়॥
দেৱৰো দেৱতা সিটো ব্ৰহ্মাৰো নমস্য।
ভৈলো ভকতিত আসি ভকতৰ বৈশ্য।
মহাজ্ঞানী গণো যাক ধ্যানও নপান্ত।
অনেক সহস্ৰ মুখে যাৰ গুণ গান্ত॥
হেন হৰি ভৈলা গোপ গোপীৰ সন্ততি।

(১১২)