সমললৈ যাওক

পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

২। মূল ঘোষা:-
হেৰা অসমীয়া চিৰ যুগমীয়া
 আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ।
কুসুম্বৰ গৃহে ঈশ্বৰৰ অংশে
 সেই জনাই সৰ্ব্বগুণাকৰ॥

পদ:-
প্ৰথমে গুৰুক  কৰো নমস্কাৰ
 শিৰ দিয়া চৰণত।
যাৰ উপদেশে  জ্ঞানক প্ৰকাশে
 গুচিল অবিদ্যা যত॥
কৃষ্ণ পাদপদ্ম  মকৰন্দ পানে
 ভক্তি ভাৱে হৈয়ো মত্ত।
বাসুদেৱ বুদ্ধি  সবাতে দেখয়
 জ্ঞানৰ বুজিয়া তত্ব।
বদতি শঙ্কৰ শুনা নিৰন্তৰ
 কিনো কৃপাময় হৰি।
পদ্মৰ যুগত দুখনি চৰণ
 কিয়নো থাকো পাহৰি॥

ভাঙনিঃ- (খৰচাপৰি) মূল ঘোষাত
 অনৰ্থ শৰীৰ  পোৱাৰে পৰাই
  নামত কৰিও ৰতি।
 নিন্দাবাদ তৰ্ক  অসূয়া তেজিয়া
  লৈয়োক সাধু সংগতি॥
 ঘোৰ কলিযুগে  ভৈলা একাকাৰ
  থিৰ বুদ্ধি কৰি দেখা।

(৩)