পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


ভাঙনি ঘোষাঃ-

সাধু সঙ্গৰ বিনে গতি নাই নাই নাই
নিতে নিতে সাধু সঙ্গ লোৱা মন ভাই।

পদঃ-

ভকতিৰ প্ৰতিবন্ধ যত পাপচয়
ভকত জনৰ সেৱাতেসে নষ্ট হয়।
তাসম্বাৰ সঙ্গ সদা লৈলা যিটো জনে
নুহিবে ভকতি শঙ্কা নকৰিবা মনে।
কৃষ্ণৰ সেৱক সৱ পৰম নিৰ্মল।
জগত পবিত্ৰ কৰে তাহাৰা সকল।
তাসম্বাক সেৱা আতি কৰেন্তে সদায়
ভক্তি প্ৰতিবন্ধ নষ্ট হোৱে সমুদায়।
হৰিপদ হন্তে গঙ্গা হুয়া উতপতি
ভৈল এৰা এৰি সিটো চৰণে সহিতি।
সন্তৰ হিয়াত হৰি সদা প্ৰকাশন্ত
এতেকে গঙ্গাত কৰি গৰিষ্ঠ মহন্ত।
শ্ৰীমন্ত ঈশ্বৰ কৃষ্ণ ভকতৰ গুৰু
তাহাৰ পৰম কৃপা ৰস কল্পতৰু।
তাহাৰ উত্তম ফল সৎসঙ্গ প্ৰধান
ভাগৱত শাস্ত্ৰে অভিপ্ৰায় এহিমান।

......................

৫৬। মূল ঘোষাঃ-

অন্ধ মুনিৰ পুত্ৰ এক সিন্ধুমুণি নাম
শব্দ ভেদি বাণে দশৰথে লৈলে প্ৰাণ।
মুনিৰ শাপতে ৰাজা চাৰিপুত্ৰ ভৈলা
শাপ ভ্ৰষ্টে পুত্ৰ শোকে প্ৰাণ বায়ু গৈলা।

(১০৫)