সমললৈ যাওক

পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


৫৫। মূল ঘোষাঃ-

ৰত্নাকৰ মহাদস্যু জগতে বিদিত।
পৰৰ ঐশ্বয্য হৰি আতি আনন্দিত॥
ব্ৰহ্মা নাৰদৰ সঙ্গ যেতিক্ষণে পাইলা।
দস্যু গুচি একদিনা মহামুণি ভৈলা॥

পদঃ-

পাপ পুণ্য কৰ্মক নকৰি বিচাৰ
পৰৰ ঐশ্বৰ্য্য আনে কৰি অত্যাচাৰ।
তাৰ ফলে হৈবি তই মহা পাপৰ ভাগি
মিছাতে মৰিছতই পুত্ৰ ভাৰ্যাক লাগি।
আপোনাৰ কৰ্মফল আপুনি ভূঞ্জিব
তোৰ কৰ্মফল দোষ কোনেনো লভিব।
আপুনি আপোন তৰি আপুনিয়ে বৈৰী
আপুনি ভূঞ্জিব শাস্তি অকৰ্মক কৰি।
ব্ৰহ্মা নাৰদৰ মুখে পাইলা ৰাম নাম
বুলিব খোজন্ত মুখে আসে আম আম॥
ব্ৰহ্মায়ে বোলন্ত বাপুমন কষ্ট এৰা।
ৰাম বাক্য ওলোটাই মৰা মৰা বোলা।
পাপীৰ মুখত কদাচিত নাহে ৰাম
মৰা মৰা বোলন্তে আসিল ৰাম ৰাম।
নামত শৰণ লৈয়া মুকুতি লভিলা
হৰিৰ কৃপাতে পাচে সৰ্ব্ব সিদ্ধি হৈল।
ৰাম নাম বলে পাপী মুকুতি লভিলা
মহাকাব্য ৰামায়ণ ৰচনা কৰিলা।
মহাপাপী ৰত্নাকৰে পাইল দিব্যজ্ঞান
বহু বছৰ ধৰি কৰে মহা মন্ত্ৰ ধ্যান।

(১০৪)