পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


৫৪। মূল ঘোষাঃ-

বসুদেৱক অৰ্পণ কৰে চেনেহৰ ভগিনী।
ৰথে তুলি ভগ্নীসহ চলে মহামানী।
অ’ দৈৱ বাণী শুনিলে হঠাতে,
প্ৰাণ যাইব কংসতোৰ, অষ্টম পুত্ৰৰ হাতে।

পদঃ-

কংসৰাজে দৈব বাণী শুনে আকাশত,
ৰথত বসিয়া ৰাজা হৈলন্ত উদ্ধত।
দৈব বাণী কেন মতে কৰিব খণ্ডন,
বসুদেৱ দৈৱকীক কৰিলে বন্ধন।
অন্ধকাৰ কাৰাগাৰে ৰাখে বন্দী কৰি,
যত পুত্ৰ জন্ম হৈব মাৰিব আচাৰি।
ছয় গুটি পুত্ৰ কংসে মাৰিল আছাৰি,
অৱশেষে জন্ম লৈল মুকুণ্ড মুৰাৰী।
নিজ কৰ্মদোষে তাৰ ভাগ্যৰ লিখন,
দৈববাণী তোৰ কংস নহ’ব খণ্ডন।
বসুদেৱ দৈৱকী নোহে প্ৰাণ বৈৰী,
বিনা দোষে কিয় কংস ৰাখ বন্দী কৰি।
নহৈব নিষ্টাৰ কংস কৰি অত্যাচাৰ,
তোৰ প্ৰাণ বৈৰী কৃষ্ণ হৈল অৱতাৰ।
ভৈলা শিশু ৰূপে তৈত প্ৰভূ নাৰায়ণ,
কোলে লৈয়া বসুদেৱ লৰিলা তেখন।
ভাঙিল নিহাল ভৈল মেলান কপাট,
দেখি ভয়ে যমুনা আপুনি দিলা বাট।
বৰিষে কণিকা মেঘে ওপৰত গাজে,
ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে।

(১০২)