পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


শয্যা তেজি সত্য সন্ধ্যা মাৰ উঠি গৈলা,
স্বপ্নৰ বৃতান্ত সবে স্বামীত বৰ্ণাইলা
স্বপ্নৰ বৃতান্ত শুনি কুসুম্বৰ ভূঞা,
ইষ্ট দেৱ সোঁৱৰিলা অনন্দিত হুয়া॥

ভাঙনি ঘোষাঃ-

মাতৃ মোৰ সত্য সন্ধ্যা পিতা কুসুম্বৰ।
খেৰসূতী আয়ে মোক কৰিলে ডাঙৰ॥

পদঃ-

শুনা সভাসদ পদ শঙ্কৰ চৰিত্ৰ,
আপুনি ঈশ্বৰ আহি হৈলন্ত বিদিত।
নানা যুগে ধৰা তুমি নানা অৱতাৰ,
কলিযুগে গুৰু ৰূপে আসিলা ইবাৰ।
মহেন্দ্ৰ কন্দলী গুৰু শিক্ষা দান দিলা,
গুৰু জনাৰ আগে তব সুকৃতি দেখাইলা।
তাৰ পাছে গুৰু জনে বুলিলন্ত বাণী,
ভাগ্যক্ৰমে শঙ্কৰক ছাত্ৰ পাইলো আমি।
জগতৰ লোকে যাৰ সেৱয় চৰণ,
কলিৰ ভকতে যাৰ কৰয় বন্দন।
সেহিসে পৰম গুৰু শ্ৰীমন্ত শঙ্কৰ,
আন কোন হৈব সম দয়াৰ সাগৰ।
যাহাৰ প্ৰতিভাবানে জগত মুহিলে,
যি জনে আন্ধাৰ ঠেলি পোহৰ বিলালে।
যাহাৰ কৰুণাদানে জ্ঞানচক্ষু পাইল,
গুৰু ৰূপে জগতক অমৃত পিয়াইল।
নৰৰূপে বৰদোৱাত জন্ম নাৰায়ণ,
গহীন গম্ভীৰ যাৰ দেহৰ গঠন।
হাস্যবদনে যাৰ মধুৰ বচন,
পাপ নাশ হয় যাক কৰিলে স্মৰণ॥

.......................

(১০১)