কৰিলন্ত স্তুতি হৰে বহু বাৰম্বাৰ
ভৈলোহো সন্তুষ্ট মই তুতিত তাসম্বাৰ।
ভৈলোহো সন্তুষ্ট মই হৰৰ স্তুতিত
তযুনাম ধৰিলোহোঁ যুগৰ কলিত॥
ভাঙনি ঘোষাঃ-
শঙ্কৰ ৰূপে অৱতাৰ বৰদোৱা গ্ৰামে।
জগতকে উদ্ধাৰিলে ভক্তি পন্থ দানে॥
পদঃ-
জয় জয় বৰদোৱা বৈকুণ্ঠ দুতয়
সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়॥
সেহি স্থানে নিজ গুৰু পাতিলন্ত হাট
ৰাম নাম মহা ৰত্ন বেহাইলন্ত তাত॥
পূব দিশে নিৰ্মিলা এক নামঘৰ
মণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ।
পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয়
তাতে আঁউজিয়া গুৰু পুস্তক লিখয়॥
দক্ষিণে যাত্ৰাৰ দৌল পুৰুষে নিৰ্ম্মিল
সাতো বৈকুণ্ঠৰ পট আকিয়া দেখাইল॥
উত্তৰে আকাশী গঙ্গা ভক্তি সৰোবৰ
মধ্য ৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ॥
চাৰিফালে চাৰিহাটী মহাভক্ত গণ
চৈধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্তন॥
সেহিস্থানে নিজ গুৰু কৰিলন্ত বাস
কহয় পুৰুষোত্তম দাসৰো দাস॥
লোকৰ কাৰণে হৰি সন্ত মূৰ্ত্তিধৰ
তাহাৰ চৰণে কৰো শত নমস্কাৰ॥
.................
(২)