পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ


সেহি স্থানে নিজগুৰু কৰিলন্ত বাস,
কহয় পুৰুষোত্তম দাসৰো দাস।
লোকৰ কাৰণে হৰি সন্ত মূৰ্ত্তি ধৰ,
তাহাৰ চৰণে কৰো কোটি নমস্কাৰ।

......................

৫৩। মূল ঘোষাঃ-

আহিনৰ শুক্ল পক্ষ দশমী তিথিত,
শঙ্কৰ স্বৰূপে হৰি জন্ম ধৰণীত।
অজ্ঞান আন্ধাৰ ঠেলি বিলালে পোহৰ,
হেন হৰি আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ।

পদঃ-

মাতৃ সত্য সন্ধ্যা দেৱী পিতা কুসুম্বৰ,
তান পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শঙ্কৰ।
এক দিনা দৈব যোগে সত্য সন্ধ্যা মাতৃ
অদভূত এক স্বপ্ন দেখে শেষ ৰাতি॥
শঙ্খচক্ৰ গদা পদ্ম চাৰি অস্ত্ৰ ধৰি,
গৰুড়ৰ স্কন্ধে চৰি আসিয়া মুৰাৰী।
মোক মাৱ দিয়া স্থান বুলিলা বচন,
গৰুড় স্কন্ধৰ পৰা নামি নাৰায়ণ।
অভ্যস্তৰে পক্ষি হৰি অন্ত ধ্যান ভৈলা,
কৈক গৈলা হৰি মাতৃ দুনাই নেদেখিলা।
নিদ্ৰাভঙ্গ হৈয়া মাৱ শয্যাত বসিয়া,
কি স্বপ্ন দেখিলো বুলি আচন্ত ভাৱিয়া।
কিনো অদভূত মই দেখিলো সপোন,
সাক্ষাতে দেখিলো চতুৰ্ভূজ নাৰায়ণ।
আনন্দে লোতক বহে তনুৰোমাঞ্চিত,
দেখয় ৰজনী শেষ আদিত্য উদিত।

(১০০)