আগম নিগম তৰ্ক পুৰাণ ভাৰত যত
ইতিহাস তন্ত্ৰ মন্ত্ৰচয়,
হে হৰি তোমাকেসে খেলাৱে কেৱল বদ
তোমাৰ মহিমা নজানয়।
ঐশ্বৰ্য্য ভোগৰ মদে মত্ত হুয়া ঈশ্বৰত
পৰামুখ ভৈল যিটো জন,
জেন জীৰ্ণ গাই সিটো দুৰ্ঘোৰ সংসাৰ মহা
পঙ্কে পৰি হোৱয় মগন।
হৰি নাম ধ্বজ কৰি বেদ পথ পৰিহৰি
ফুৰে আতি পাষণ্ড সকল,
ইহ পৰলোকে ভ্ৰষ্ট হুয়া পেট পুষি মাত্ৰ
ফুৰে আতি পৰম নিস্ফল।
ভাঙনি ঘোষাঃ-
শঙ্কৰদেৱ কিনো তোমাৰ লীলা।
নাম ধৰ্ম্ম মহিমাৰে সবাকো মুহিলা॥
পদঃ-
জয় দয় বটদ্ৰৱা বৈকুণ্ঠ দুতয়,
সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়।
সেহি স্থানে নিজ গুৰু কৰিলন্ত বাস,
ৰাম নাম মহাৰত্ন বেহাইলন্ত তাত।
পূব দিশে নিৰ্ম্মিলা এক নামঘৰ,
মণিকূট গৃহ বান্ধি ৰহিলা শঙ্কৰ।
দক্ষিণে শিলিখা বৃক্ষ হালিয়া আছয়,
তাতে আঁউজিয়া গুৰু পুস্তক লিখয়।
উত্তৰে আকাশী গঙ্গা ভক্তি সৰুবৰ,
মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শঙ্কৰ।
চাৰিফালে চাৰিহাটী মহাভক্তগণ,
চৌধ্যয় প্ৰসঙ্গ কৰে নামৰ কীৰ্ত্তন।
(৯৯)