ভাঙনি ঘোষাঃ-
প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধব॥
পদঃ—
সমস্তে দেৱক পূজা কৰিলেক আতি,
পৃথকে পূজিলে কেহো নুহন্ত তৃপিতি।
বৃক্ষৰ মূলত যেন দিলে আনি জল,
হোৱয় তৃপিতি ডাল-পুষ্প-পত্ৰ-ফল।
মূল এৰি জল যদি সিঞ্চে পত্ৰ ডালে,
কদাচিতো তৃপিতি নুহিকে একো কালে।
পাৱয় ভোজনে যেন ইন্দ্ৰিয় সন্তুষ্ট,
মিলে মহা সুখ অতি হোৱে হৃষ্ট পুষ্ট।
ক্ষুধাতুৰ প্ৰাণী যদি নকৰে ভোজন,
পিন্ধে গন্ধ চন্দনাদি নানান ভূষণ।
একো ইন্দ্ৰিয়ৰ তাত তুষ্ট নাহি হয়,
প্ৰাণ তুষ্ট ভৈলে তুষ্ট হোৱে ইন্দ্ৰচয়।
সেহিমতে অচ্যুতক যিজনে পূজয়,
সমস্তে দেৱক পূজিলেক অতিশয়।
কৃষ্ণৰ কীৰ্ত্তনে কৰে মনক নিৰ্ম্মল,
বোলা ৰাম ৰাম হৌক জন্মৰ সাফল॥
৪৯। মূল ঘোষাঃ-
জীৱন ভৰা সুঁতি নাপাওঁ লগি মাৰি
কেনেকৈ পাৰ হৈ যাওঁ।
দুনাৱে দুভৰি নিদিবি মনাই ঐ
মাজতে ডুবিব নাওঁ॥
পদঃ-
মিনতি বচন বোলো সৰ্ব্বজন
শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম,
(৯১)