১। মূল ঘোষাঃ- বৰদোৱাত গুৰু শঙ্কৰ।
ৰঙাজানত গুৰু মাধৱ।
অ'... ধুৱাঁহাট বেলগুৰি, মণিকাঞ্চন জুৰি,
অসম ভূমি কৰিলে উৰ্বৰ।
ভক্তি ৰস ৰোৱাই নিৰন্তৰ॥
পদঃ-
মাধৱ বদতি তুমি শুনা সৃষ্টিকৰ
ইটো অৱতাৰ কথা শুনা বিধিবৰ।
অ’ পদ্মৰূপ ধৰিশূদ্ৰ কুলে হৈবো জাত
হৈবোহো শঙ্কৰ নামে জগত প্ৰখ্যাত॥
দ্ৰোণসে কুসুম্ব হীৰা সত্যসন্ধ্যা হয়
তাহাৰ ঘৰত মই জন্মিবো নিশ্চয়।
অ’ নিজ কথা ধৰ্ম্মৰীতি প্ৰচাৰ কৰিবো
জ্ঞানদানে সমস্তৰে মনক পূৰাইবো॥
মোৰ অংশে অৱতাৰ হলিৰাম-নাম ধৰ
মাধৱ স্বৰূপে তৈতে হৈৰ অৱতাৰ।
অ’ তুমি আদি বিধি যত বৈষ্ণৱ বাঢ়য়
সনকাদি পাৰিষদ নিজ ভক্তচয়॥
শুনিয়া বিধিৰ ঘোৰ নৰকে সংশয়
কি কাৰণে শূদ্ৰকুলে জন্মিবে লাগায়।
অ’ কিবা হেতু শঙ্কৰৰ নামক ধৰিয়ো।
ইটো কথা মোৰ আগে নিষ্ঠ কৰি কৈয়ো॥
নাৰায়ণে কহিলন্ত পূৰ্ব্বৰ কথাক
হৰে প্ৰাৰ্থিলন্ত তান নাম ধৰিবাক।
অ’ আগম কৰিয়া মোক ঢাকিলন্ত হৰে
অমোচন পাপ সিজিলন্ত নিৰন্তৰে॥