৪৮ ৰাভা জনজাতি সকল ৰাভা সেনা পদাতি উত্তৰ বঙ্গ, উত্তৰ গোৱালপাৰা আৰু ভুটান পাহাৰৰ নামনি অংশত থকা ৰাভাসকলেই যে হব ই নিশ্চয়। কিন্তু সৰলমতীয়া হোজা ৰাভাসকলে যেতিয়া দেখিলে যে তেওঁলোকৰ স্বজাতিৰ বীৰ পৰামৰ বৰঘৰ ৰংজুলি’ খনো এতিয়া মুছলমানৰ হাতলৈ যাওঁ যাওঁ তেতিয়া স্বদেশ প্ৰেমত আপ্লুত হৈ এই সকলোবোৰ সৈন্যই একেলগে কাম পৰিত্যাগ কৰি পশুৰামৰ সৈন্যদলত সশস্ত্ৰে যোগদান কৰি ৰংজুলি গড় ৰক্ষাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিল।” এইখিনিতে এটা প্ৰশ্ন উঠেৰাভা জাতিয়ে অৰ্থাৎ পশুৰামৰ সৈন্যবোৰে কামান,বন্দুক আদি যুদ্ধৰ অস্ত্ৰ-শস্ত্ৰবোৰ ক'ৰ পৰা নাইবা কাৰ পৰা পাইছিল আৰু ক'ত এই মাৰণ অস্ত্ৰবোৰ তৈয়াৰ কৰিবলৈ শিকিছিল? এই প্ৰসঙ্গত ভাবিব পাৰি যেকোঁচ ৰাভা জাতিৰেই এটা দল বা শাখা। কোঁচ’ বা ‘কোচ্ছে’বংশৰ নাতিৰৰ পৰিনাতি ‘পশুৰামৰ পিতা আছিল, আৰু ‘মেচ্ছে’ বংশৰ নাতিৰৰ পৰিনাতি হাৰিয়ামণ্ডল’ আৰু তেওঁৰেই ল’ৰা ‘ বিশু’ আৰু শিশু'। কোচ্ছে, মেচ্ছে, লিঙ্গ আৰু লিমু-তেওঁলোকৰ চাৰি ভাই-ককাই আছিল। (এই বিষয়ে বিস্তৃত পৰিচয় দিবপৰা নগল) ..চিলাৰায়ে যদিও দ্বিগ্বিজয় কৰি ফুৰিছিল, তথাপি পশুৰামৰ ৰাজ্য আক্ৰমণ কৰা নাছিল। আনপিনে দেখা যায়—সিহঁতৰ মাজত যথেষ্ট বন্ধুত্ব ভাৱ আছিল। মিৰ্জা নাথানে যেতিয়া পশুৰামৰ ৰাজ্য আক্ৰমণ কৰে, তেতিয়া পৰীক্ষিতৰ ভায়েক যদুনাৰায়ণে’ সহায় কৰিছিল,আৰু যেতিয়া বধুনগৰৰ জমিদাৰৰ পুতেক উত্তৰনাৰায়ণে’ মুছলমান সৈন্য কৰৈীৰ অধিপতি চন্দ্ৰনাৰায়ণৰ’ৰাজ্য আক্ৰমণ কৰে, তেতিয়া পৰামৰ’ৰাজ্য শাস্তুৰত (শূলমাৰীত) আশ্ৰয় লৈছিল। সেই কাৰণে জানিব পাৰি যেতেওঁলোক বংশ মৰ্যদা ৰক্ষাৰ বাবে সদায় সহযোগী হৈ আছিল। গতিকে পৰীক্ষিতৰ ভায়েক যদুনাৰায়ণেইৰাভাবীৰ পশুৰামক কামান, বন্দুক আদি যুদ্ধৰ অস্ত্ৰশস্ত্ৰবোৰ দি সহায় কৰাটোও প্ৰমাণিত হয়। প্ৰাচীন ৰাভাসকলে এই অস্ত্ৰশস্ত্ৰবোৰ নিজেই তৈয়াৰ কৰিব জানিছিল। এই অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰা ৰাভাৰ কাৰবিলাক অতি পৈণত আছিল। ধেনুৰ কাঁড় জোংশৰবোৰ বিষ সানি তৈয়াৰ কবি জানিছিল। বিষাক্ত জীয়া সাপৰ পৰা কেনেকৈ বিষ উলিয়াই, সেই বিষেৰে কেনেকৈ অস্ত্ৰবোৰ বিষাক্তকৰি তৈয়াৰ কৰিব লাগে, এই প্ৰক্ৰিয়া জাতিৰ মানুহে জানিছিল এতিয়াও এই প্ৰক্ৰিয়াজা মানুহৰাভা জাতিৰ মাজত আছে।কন্দুক, কামান বাৰুদে তেওঁলোকে তৈয়াৰ কবি জানিছিল। একো একোজন বীৰৰ নাম আৰু কেৰে, কোন যুদ্ধত কোন বিধ অস্ত্ৰ ধৰি শত্ৰু সৈন্য ক্লিাশ কৰিছিল, তাৰ সুন্দৰ বৰ্ণনা ৰাজাৰ সাধুকথা আৰু কাহিনী গীতবোৰত যথেষ্ট পোৱা যায়। প্ৰাচীন ভাজাতি তিৰোতাকিলাকবীৰাঙ্গনানাৰী হিচাবেও পৰিচিত।ক্ষেত্ৰত so Bahiretta-l-Ghaybı, Vol. II. p. 532.
পৃষ্ঠা:ৰাভা জনজাতি.djvu/৫৮
অৱয়ব