পৃষ্ঠা:ৰাভা জনজাতি.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ ৰাভা জনজাতি (৩) কাৰ বা ৰা ৰাছ (দীঘল নলৰ বাঁহী) এই বাহী নল বাঁহৰ দ্বাৰা তৈয়াৰ কৰা হয়। ই ৬/৭ ফুট দীঘল। বাঁহ টুকুৰাৰ ভিতৰৰ গঠিবোৰ ফুটাই বিন্ধা কৰি লোৱা হয়, যাতে ৬/৭ ফুট দীঘল সুৰুঙা হয়। সুৰ সংযোজনাৰ বাবে ইয়াৰ এটাও বিন্ধা নাই। মাথোন বাঁহ ডালৰ আগ মূৰত ফু দিব পৰা এটা বিন্ধা থাকে আৰু আন মূৰত সুৰ বা ধ্বনিৰ গভীৰতা ৰক্ষাৰ বাবে খাপ খোৱাকৈ এটা ডাঙৰ বাঁহৰ চুঙা লগোৱা থাকে। এই বাঁহীৰ সুৰৰ ধ্বনি তোলোতে বৰ কৌশলেৰে ফু দিয়া হয়। ফু দিয়াৰ কৌশল নজনা মানুহে এই বাঁহী বজাব নোৱাৰে। এই বাঁহী পূজা-পাতল আৰু নৃত্যগীত আদিত বজোৱা হয়। এই বাঁহীৰ ধ্বনি অতি মধুৰ আৰু কৰুণ।কাৰ বাঁহীৰ উৎপত্তি সম্বন্ধে ৰাভাসকলৰ মত এটা প্ৰাচীন সাধু আছে। (৪) ঝাপকা বা ঝাপখাৰ :- এই বাঁহীটো কাৰ বহীৰ দৰেই দীঘল। খাপ খাপকৈ কিছুমান চুঙাৰ টুকুৰা বাঁহৰ শিঙৰ দৰেই জোৰা লগাই দীঘল কৰি লোৱা হয়। এই জোৰা লগোৱা চুঙাৰ আগফালে এটা গাঠি থকা চুঙা জোৰা লগোৱা হয়।সেই গাঁঠিটোত এটা বিন্ধা কৰা হয়, এই বিন্দাৰেই ফু দিয়া হয়। আনটো মূৰত সুৰৰ গভীৰতা ৰক্ষাৰ বাবে চুঙাত লগাই লব পাৰে। এই বাঁহীৰৰ সুৰ সংযোজনৰ বাবে এটাও বিন্ধা নাই। গতিকে কৌশলেৰে বজাব লগীয়া হয়। (৫) ব্ৰিাহী :- ফুটমান দীঘল বাঁহী। এই বাঁহীত তিনিটা বিন্ধাত তিনিটা সুৰ ধ্বনিত হয়। যেনেঃ- স, , পা। (৬) সপ্তৰৰ বাঁহী এই বাঁহী সাতোটা সুৰ সমষ্টি। (৭) লাখৰ ৰাংছিঃ—ই ২ হাতমান দীঘল। দেও বাঁহৰ দ্বাৰা তৈয়াৰী চুঙাটোৰ আগফালে গাঁঠি ৰখা হয়, আৰু তাৰ ওচৰতে এটা বিন্ধা ৰখা হয়। আন ফালে খোলা; গাঁঠি ৰখা নহয়। বাঁহীডালৰ ঠিক সোমাজতে আৰু এটা বিন্ধা ৰখা হয়। এই বিন্ধাৰে ফু মাৰি গৰখীয়া গীতৰ সুৰধ্বনি তোলা হয়। সাধাৰণতে গৰখীয়াবোৰে এই বাঁহী বজায়, সেয়ে এই বাঁহীৰ নাম ৰাৰি(গৰখীয়া বহী)। (৮) ওগুমেল ইয়াক মাটিৰে তৈয়াৰ কৰা হয়। ইয়াৰ গঠন ‘ভেপুৰ দৰে। ইয়াৰ গাত কোনো বিন্ধা নাই। মাথোন সন্মুখৰ ফালে ২টা বিন্ধা থাকে। এই বাঁহীও গৰখীয়াবোৰে বজায়। (৯) গ-ইয়ে মাটিৰে তৈয়াৰী। ৬ ইমান দীঘল। ইয়াৰ গাত ২টা মাত্ৰ বিন্ধা থাকে। এই বহীৰ বিশেষত্ব এয়ে যে ইয়াক নাকেৰে বজাব লাগে। নিসৰ কৌশল নাজানিলে এই বহীখনিত টন। (১০)কেন’বা টকৰ একাল ব্যতমন জোতকাটি লব লাগে। তাৰু দুফালকৰি এফাত বলিলকে এপেলাব লাগে।তাক ১২