সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(v) লেখকৰ একাষাৰ এটি হেন্দোলনি , এই হেলেনিয়ে মোৰ অৰতো খলকনি লগায়—বছৰ চেৰেক আগৰ পৰাই। জানিবলৈ আগ্ৰহ জন্মে-আভা জাতিৰ প্ৰাচীন আঁতি-গুৰি, আচাৰ- নীতি, সমাজব্যবস্থা, ধৰ্ম আৰু ভাষাৰ অস্তিত্ব কি। ৰাভা জাতি কেৱল অসমতেই নহয়, মেঘালয়, পশ্চিমবঙ্গ (উত্তৰবঙ্গ), ত্ৰিপুৰা, মণিপুৰ, এনেকি সুদূৰ নেপালতো আছে। তেওঁলোক আছে বিভিন্ন পৰিবেশত, বিভিন্ন উপাধিযুক্ত নামত। অধুনা এই জাতিৰ নৃতত্ত্ব, সমাজ-তত্ত্ব, ধৰ্ম-তত্ত্ব, ভাষাতত্ত্ব,কৃষ্টিতত্ত্ব সকলো বিস্মৃতিৰ গৰ্ভত ম্ৰিয়মান। এই জাতিক কেইজনে দেখিছে? দেখিলেও চিনা নাই-চিনিলেও বুজা নাই। দেখিবলৈ—চিনিবলৈ বুজিবলৈ-হলে ৰাভা জাতিৰ সমাজ-জীৱনৰ লগত অঙ্গাঙ্গী ডোলেৰে বান্ধ খাব লাগিব। নহলে ব্যৰ্থ হব সকলো আলোচনা-বিলোচনা-সমালোচনা- গবেষণা। বাস্তবৰ্তে ৰাভা জাতিৰ নৃত্য-গীতবাদ্য অপূৰ্ব। কাহিনীসমূহ অলেখ কল্পনাৰ নিদৰ্শন। ‘খোকচি' বা বায়খখা পূজাৰ গীত, হকো-তৰাঙৰ গীত, ‘তৰাং কাজিৰ গীত, ফাৰকাৰি গীত, নলুৱা-চলুৱাৰ গীত, দায়-দায়চুৰ গীতসমূহ নৃত্যবাদ্যসহিত সমন্বয়পূৰ্ণ। কাৰানলৰ সূৰত-ঢাক-ঢোলৰ ছেত—‘দায়দি কাঁহৰ তালত-মানচেলেংকাৰ' কিত-শিঙ্গা- ব্ৰাংছিংৰ'ফুকত, ‘খোপাং’ পাগ মূৰত মৰা কঁকালত, ছেংকানে বন্ধা ডেকা-জাকৰ লগত বুফান-কাং' পিন্ধি, কাণত নামব্ৰি’ দুলাই, হাতত ‘ছন পিন্ধি, বাহুত বাজু’ বান্ধি, ডিঙিত হাশ্চা’ পিন্ধি, কঁকালত বক’ মেৰাই গাভৰু-জাকে নৃত্য-গীত পৰিবেশন কৰা দেখিলে অভূতপূৰ্ব যেন লাগে। বোৱাকটাত ৰাভা তিৰোতা বৰ কাজী। তেওঁলোক সৌন্দৰ্যৰ পূজাৰিণী-সপোনত ফুলনি ৰচে, বাস্তৱত তাক ৰূপায়ণ কৰে। এনেহেন ঐতিহ্যপূৰ্ণ কৃষ্টি-সংস্কৃতিৰ গৱেষণা আৰু সংৰক্ষণ নিতাই প্ৰয়োজন। অৱশেষত,অসম সাহিত্য সভাই জাতীয় ঐতিহ্য ৰক্ষাৰ্থে মোক ৰাভা জনজাতি' নামৰ এখনি ‘পৰিচয় পুস্তিকা লিখিবলৈ মনোনীত কৰা বাবে পৃষ্ঠপোষকসকললৈ আন্তৰিক ধন্যবাদ জ্ঞান কৰিলে। অৱশ্যে, এইখিনিয়ে যথেষ্ট সমল নহয়। ভুল-ত্ৰুটি স্বাভাৱিক। সেয়ে, পাঠক-পাঠিকাৰ ওচৰতো ক্ষমাপ্ৰাৰ্থী। ধন্যবাদ। দুধনৈঃ বনে বত