পৃষ্ঠা:ৰাভা জনজাতি.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

os ৰাভা জনজাতি ওপৰত উল্লিখিত বস্তুবোৰৰ ভিতৰত ২/৩ টা বস্তু নহলেও বাখৰ প্ৰস্তুত হব। কিন্তু পুৰণি বাখৰ লাগিবই। এইবোৰ বস্তু আনুপাতিক হিচাবে যোগাৰ কৰি, তাৰ কিছু সময়ৰ আগতে দুই সেৰ মান জোখৰ পাতিধানৰ চাউল পানীত তিয়াই থোৱা হয়। তাৰ পিছত পানীৰ পৰা তুলি আনি চাউল ধোৱা খৰাহিত পানীখিনি চেকি কিছু সময় ৰাখিব লাগে। তাৰ পাছত সংগ্ৰহ কৰা সকলো আনুপাতিক বস্তুখিনি এটা উৰলত খুন্দি শুৰি কৰি লোৱা হয়। যেতিয়া গুৰি হয়, তেতিয়া তিয়াই থোৱা চাউলখিনিত তাৰ লগতে মিহলি কৰি পুনঃ ভালকৈ খুন্দি পিঠা গুৰিৰ দৰে কৰা হয়। তাৰ পিছত এটা পাত্ৰত সেইবোৰ জমা কৰি অলপমান পানী ছটিয়াই আৰু মথি এঠালি মাটিৰ দৰে কৰি লোৱা হয়। এই এঠালিযুক্ত বস্তুখিনিৰ পৰা সৰু সৰুকৈ পিঠাৰ দৰে চেপেটা কৰি তৈয়াৰ কৰি লোৱা হয়। তাৰ পাছত এই পিঠাৰ দৰে চেপেটা বস্তুবোৰৰ প্ৰত্যেকটোৰ দুয়ো ফালে পুনঃ পুৰণি বাখৰ সানি দিয়া হয়। তাৰ পাছত এইবোৰ বস্তু এখন কুলা বা বাঁহৰ ঢাৰিৰ ওপৰত আকৌ নতুন টুনি পাৰি তাৰ ওপৰত এই বস্তুবোৰ পাতলকৈ ৰাখি তাৰ ওপৰত আকৌ নতুন বাঢ়নি পাতলকৈ মেৰি ৰখা হয়। এনেকৈ কেইদিনমান নিৰাপদ ঠাইত ভালকৈ শুকাবলৈ দিয়া হয়। শুকোৱাৰ পিছত বানিবোৰ এৰুৱাই এটা মাটিৰ টেকেলিত বতাহ নোপোৱাকৈ টানকৈ মুখ বন্ধ কৰি ৰাখিব লাগে। বাহিৰৰ বতাহ আৰু জলীয় ভাপ পালে বাখৰ’ নষ্ট হবৰ সম্ভাৱনা। সেইকাৰণে বাখৰ খুব সাৱধানে নিৰাপদ স্থানত ৰাখিব লাগে। এয়েই বাখৰ প্ৰস্তুত প্ৰণালী। বোৱাকটা আৰু সাজ-পাৰ অতি প্ৰাচীন কালৰেপৰাই ৰাভা তিৰোতাসকলে নিজহাতে ধুনীয়া ধুনীয়া চানেকি বিচিত্ৰ ফুলাম কাপোৰবোৰ তৈয়াৰ কৰি আহিছে। এই বোৰেই ৰাভা তিৰোতাসকলৰ বয়ন শিল্পৰ প্ৰতি থকা অনুৰাগ আৰু পাৰদৰ্শিতাৰ পৰিচয়। অতীজতে ৰাভাসকলে পাহাৰত কপাহ খেতি কৰিছিল, আৰু কপাহৰপৰা নিজহাতে সূতা কাটি কাপোৰ বৈ লৈছিল। এড়ি গছৰ খেতি কৰি এড়ি পলু পুহি তাৰ লেটাৰ পৰা সূতা কাটি এড়ি কাপোৰ তৈয়াৰ কৰি লৈছিল। নানা গছ- গছনিৰ বাকলি আৰু গুটিৰ দ্বাৰা বিচিত্ৰ ৰং প্ৰস্তুত কৰি নিজ হাতে কটা সূতাবোৰ ৰঞ্জিত কৰি লৈছিল আৰু সেইবোৰ সূতাৰে বিচিত্ৰ ফুলাম কাপোৰ বৈ লৈছিল। তিৰোতাসকলে পৰিয়ালৰ সকলোৰ বাবেকাপোৰৰ যোগান ধৰিছিল। তলত ৰাভাসকলৰ নিত্যব্যৱহাৰ্য সাজ-পাৰবোৰৰ উল্লেখ কৰা হ'ল। (১) ফান’ বা ‘ পানি’ :এই ভমকা ফুলীয়া, ৩৪ হাত দীঘল আৰু বহুলে হাত। সৰু ডাঙৰ অনুসৰি কাপোৰখন কম বেটি দীবহকৈ বৈ লোৱা হয়।বুফান ছাকাই’ (ৰঙা পাতানি) কালোৰ ববলৈ হলে শিপিনীয়ে তিনিটা মাকে’ ব্যৱহাৰ কৰিবলগীয়া হয়। সাধাৰণতে গাভৰু থেৱীসকলে ৰঙা বুফ হে ব্যৱহাৰ কৰে।