পৃষ্ঠা:ৰাভা জনজাতি.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাভা জনজাতি বহিভাগ আৰু জোঙাটোৰ অন্তভাগৰ খালী অংশত বাখৰ মিশ্ৰিত ভাখিনি পূৰ্ণকৈ ভৰাই থৈ জোঙাটোৰ মুখখনো জুইত সেকা কলপাতেৰে ২/৩ তৰপ টানকৈ বান্ধি ৰাখিব লাগে যাতে তাৰ ভিতৰত বাহিৰৰ চেঁচা বতাহ সোমাব নোৱাৰে। তাৰ পাচত জোঙাটোৰ তলিটো মাটিত নলগাকৈ ‘পেস্তা বা আধাৰিৰ ওপৰত ভালকৈ এঠাইত থব লাগে। গৰম দিনত ৪/৫ দিনত আৰু শীতকালত ৭/৮ দিনৰ পিছত মদ খোৱাৰ উপযোগী হয়। যথাসময়ত পাতেৰে ঢকা জোঙাৰ মুখখন আৰু জাৰি মুখখন খুলি আৱশ্যক অনুপাতে পানী ঢালি জাতি সোমাব পৰা এটা লাউৰ খোলৰে (ব্ৰেক) বাখৰ মিশ্ৰিত পচা ভাতৰ চাৰিওফালে দি চেকিব লাগে। এনেকৈ অলপ সময় চেকি থাকিলে নিগৰি নিগৰি মদখিনি শূন্য জাস্থিৰ ভিতৰত জমা হয়। এয়েই মদ। পানীনঢলাৰ আগতে জোঙাৰ তলিত কম বেচি পৰিমাণে অলপমান ৰস জমা হৈ থাকে, তাকেই চকোৰাংচি’ বা ‘সি’ মদ বোলে। প্ৰায় আছে/তিনি ফুট ওখ পেট ডাঙৰ জোঙাত ‘ছিনচিনা বা সাঁচতীয়া মদ প্ৰস্তুত কৰা হয়। পোহা মদ ছমাহ/এবছৰলৈকে খাই থাকিব পাৰি। জোঙাত ভৰোৱা বাখৰযুক্ত ভাত হজম হৈ গলে পুনঃ নতুন বাখৰযুক্ত ভাত ভৰাই জোঙাটোৰ মুখ টানকৈ বান্ধি থৈ দিব লাগে। আৰশ্যকবোধে মাজে মাজে তাৰ ৰসি’ মদখিনি উলিয়াই খোৱা হয়। পানী ঢালী চেকিব নালাগে। পানী ঢালিলে আৰু সাঁচতীয়া মদ হৈ নাথাকে। পাতি ধান বা বৰা ধানৰ চাউলৰ ভাতৰ দ্বাৰা এনে মদ তৈয়াৰ কৰা হয়। বৰা চাউলৰ মদ খুব মিঠা আৰু ৰাগিয়াল। ফটিকা প্ৰস্তুত কৰা প্ৰণালী যি জোঙা মদৰপৰা ফটিকা’ তৈয়াৰ কৰা হব, সেই মদৰ জোঙাৰ ভিতৰত জাস্থি ৰাখিব নালাগে। মদ তৈয়াৰ কৰাৰ পাছত—গৰম দিনত ৪ ৰাতি আৰু ঠাণ্ডা দিনত ৭ ৰাতি হলে, সেই মদৰ জোঙাত আৱশ্যক অনুপাতে পানী ঢালি পুনঃ আৱশ্যকীয় বাখৰ মিশ্ৰিত কৰি ৩/৪ ৰাতিমান ভালকৈ থৈ দিব লাগে। তাৰ পাছত এই মিশ্ৰিত বস্তুখিনি (মাখাম ছিথা) এটা ডাঙৰ হাড়ীত জুইৰ উধানত বাই তাৰ ওপৰত ফুটা লুড়কী (মাটিৰ চৰু) এটা ৰাখি দিয়া হয়। সেই ফুটা লুড়কীৰ ভিতৰত তাতোকৈ সৰু নুফুটা লুড়কী ৰাখি থোৱা হয়। সেউ ফুটা লড়কীৰ ওপৰত পিতল বা চিলভাৰ বা মাটিৰ চৰু এটা খাপ খোৱাকৈবহুৱাই তাত পৰিপূৰ্ণকৈ চেঁচা পানী ৰাখি দিয়া হয়। জুইৰ উত্তাপত তলৰ ডাঙৰ হাড়ীৰপৰা মিশ্ৰিত মাখাম ছিথা ভাপখিনি যাতে বাহিৰলৈ ওলাব নোৱাৰে, তাৰ বাবে ডাঙৰহাড়ী আৰু ফুটা লুড়কীৰ সংযোগ স্থানত মৰাপাটৰ আঁহ চাৰিওফালে মেৰিয়াই দি তাৰ ওপৰত কেঁচা মোটিৰ লেপ দিব লাগে। তদ্ৰপ মাজৰ ফুটা লুড়কীৰ আৰু ওপৰত ৰখ পানীৰ চৰ সংযোগ স্থানতো কেঁচা কেঁচু মাটিৰে লেপি দিব লাগে, যাতে ভালখিনি বাহিৰলৈ ওলাব নোৱাৰি মাজৰ ফুটা সুড়কীৰ ভিতৰত স্থাপন কৰা সৰু নুফুটা লুড়কীত জাহবগৈ পাৰে।