পৃষ্ঠা:ৰাভা জনজাতি.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘৰা জীৱন আগতে ৰাভাসকলে দিনত তিনিবাৰ ভাত খাইছিল—পুৱা, দুপৰীয়া আৰু গধূলি। ধান- চাউলৰ অভাৱত বৰ্তমান বহুতেই তিনিবাৰ ভাত খোৱা নিয়ম বাদ দিছে। সাধাৰণতঃৰান্ধনীয়ে প্ৰথমে তাইৰ মাক, দেউতাকক নাইবা শহুৰেকশায়েকক অথবা ঘৰৰ ডাঙৰজনক আগতে কাঁহীবাটিত ভাত আঞ্জা খাবলৈ দিয়ে। ৰান্ধনীজনীয়ে পিছতহে খায়। ঘৈণীয়েকে গিৰিয়েকে ভাত খোৱাৰ পিছতহে খায়। গিৰিয়েকৰ আগতে বা একেলগে নাখায়। এই নিয়ম হিন্দু- নীতিৰেই প্ৰভাৱ। আগতে মদৰ প্ৰতিৰাভাসকলৰবৰ আকৰ্ষণ আছিল।পূজা-পাৰ্বনআৰু সামাজিক অনুষ্ঠান আদিত মদ নহলেইনহৈছিল। বিয়াৰ পিছতসন্তান জন্ম হোৱাৰে পৰা মত বিলাকে মদৰ ইন্দ্ৰজালতে তন্ময় হৈ আছিল।ক্ৰমে জনসংখ্যা বাঢ়ি যোৱাত অৰ্থনৈতিক জটিলতাৰ চাকনৈয়াত পৰি বৰ্তমান ৰাভা সমাজৰ চেতনাবোেধ হৈছে। বৰ্তমান ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত মদ খোৱা প্ৰথা প্ৰায় উঠাই দিছে। ৰাভাসকলৰ গাখীৰ খোৱা নিয়ম নাছিল। বৰ্তমান ঘৰতে পোহা গাই বা মাইকী মহৰ গাখীৰ খায়। সাধাৰণতঃ ৰাভাসকল বৰ দুখীয়া। বেছিসংখ্যক ৰাভা মানুহে নিজৰ উপাৰ্জিত শস্যেৰে বছৰটোত পৰিয়ালৰ ভৰণ-পোষণ কৰিব নোৱাৰে। অধিক মানুহে এসাজ খাই দুসাজ ঘোনে থাকিবলগীয়া হয়। কোনো প্ৰকাৰে খাদ্য যোগাৰ কৰিব নোৱাৰিলে কঁঠাল, অমিতা খাই নাইবা বনৰীয়া আলু, কোমোৰা, লাও, জিকা, ভোল আদি পানীত সিজাই খাই জীৱন-ধাৰণ কৰা দেখা যায়। ফলস্বৰূপে তেওঁলোকে নানা ৰোগ-বেমাৰত আক্ৰান্ত হ'বলগীয়া হৈছে। মদ প্ৰস্তুত কৰা প্ৰণালী মদ বা চকো’ প্ৰস্তুত কৰিবলৈ হলে ফাপ’ বা বাধৰ দৰকাৰ। ৰাধৰ নহলে মদ তৈয়াৰ কৰিব নোৱাৰি। মদ জোঙাত বা কলহত তৈয়াৰ কৰা হয়। জোঙাৰ জোখ অনুযায়ী দুৱানী, চাৰিআনী, আঠাণী আৰুটকীয়া নামকৰণ কৰা হয়। মদ প্ৰস্তুত কৰিবলৈ হলে ভাতখিনি ককৰীয়া হব লাগে।নবম ভাত মদ প্ৰস্তুত কৰিবলৈ অনুপযোগী। মদৰ ভাতখিনি এখন বাঁহৰ ঢাৰিত পাতলকৈ ঠাণ্ডা হবলৈ দিব লাগে। ঠাণ্ডা হোৱাৰ পাছত ভাতৰ পৰিমাণ অনুযায়ী বাখৰ ভালকৈ সানিব লাগে। তাৰ আগতে যিটো জোঙাত মদ প্ৰস্তুতকৰাহৰ, সেই চোঙাৰ ভিতৰত কিছু ধানখেৰ ভৰাই জুই লগাই পুৰিব লাগে। তাৰ কাৰণ জোঙাটো শুকান কৰি লব লাগে। সেমেকা বা ভিজা জোঙাত মদ ভাল নহয়।তাৰ পাছত জোঙাটো পৰিষ্কাৰ কবিতাৰ ভিতৰত জোঙঅনুসৰিস্থি’(এবিধবাঁহৰতমালেৰে তৈয়াৰীচুঙ)আৰলাগে।তো সোনাতে জাহিটো থিয় অৱস্থাত লৰচৰ নোহোৱাকৈ ৰাখিব লাগে। জোত ঘিটোৱাৰ লগতে জস্থিৰ দুয়োমূৰ জুইত সেকা কলপাতেৰে দুই তপকৈ আৰিলে। অৰ পাতনি।