২৮ ৰাভা জনজাতি গাহৰি আদিক জুইৰ জোস্থা’ (জোৰ) লৈ চিঞৰ বাখৰ কৰিহাবি বা পাহাৰলৈ খেদি দিছিল। তেওঁলোকে কপাহ খেতিও যথেষ্ট কৰিছিল। ভৈয়ামলৈ নামি অহাৰপৰা তেওঁলোকে কপাহ খেতি কম ভাবে কৰিছিল। কিয়নো ভৈয়ামৰ মাটি কপাহ খেতিৰ বাবে উপযোগী নহয়। হামজাৰৰ কামত মতা-তিৰোতা সকলোৱে কাম কৰিছিল। ৰাতি তিৰোতাসকলে কপাহৰ পৰা সূতা কাটিছিল আৰু এই সুতা বিচিত্ৰ ৰঙৰ দ্বাৰা ৰঞ্জিত কৰি ফুলাম কাপোৰ বৈ লৈছিল। কৃষিকৰ্মত নিপুণতা দেখিয়েই সেইসময়ৰ গাৰোৰজা হুছেঙে’ সোমেশ্বৰী উপত্যকালৈ ৰাভাসকলক খেতিৰ কাম কৰিবলৈ লৈ গৈছিল। “When Husheng was the chief of the powerful Along clan, he brought the Rabhas into Someshari Valley to till the land, because at that time, the Garos, being nomads, were not acquianted with more settled inethods of husbandary." খাদ্যসম্ভাৰ 99 $ ৰাভাসকল আদিম কৃষিজীৱী। এওঁলোকৰ প্ৰধান খাদ্য ভাত। অন্যান্য শাক-পাচলি, মাছ, মাংসও খায়। অৰ্থনৈতিক অৱস্থা অনুযায়ী এইবোৰ খাদ্যৰ পৰিমাণ কম-বেচিও হয়। বৰ্তমান ৰাভাসকল অৰ্থনীতি ক্ষেত্ৰত বৰ জুৰুলা। বিশেষকৈ ধান-ভাতত বৰ অভাৱগ্ৰস্ত। ধান-ভাতৰ অভাৱত আটা, ময়দা প্ৰধান খাদ্য নহলেও খাবলৈ বাধ্য হৈছে। ঘৰুৱা শাকপাচলি, কবি, মূলা, লাই, আলু, জলকীয়া, বেঙেনা, উৰহী, জিকা, ভোল, লাউ, কোমোৰা আদি মুখৰ অভিৰুচি মতে নানা ধৰণে ৰন্ধন কৰি খায়।ৰাভা মতা-তিৰোতা উভয়ে মাছ চিকাৰত পাকৈত। এওঁলোকে মাছ শুকাই খায়। শুকান মাছবোৰ এটা উৰলত আনুপাতিক হাৰে চানাচুৰ কোমল ঠাৰিৰ লগত মিশ্ৰিত কৰি পদুনা', 'ব্ৰহ্মা মচলা’সহ খুব মিহিকৈ গুৰি কৰি এটা বাঁহৰ চুঙাত ভৰাই টানকৈ মুখ বান্ধি থয়। যথা সময়ত সেইবোৰ উলিয়াই কলৰ খাৰেৰে আওতি (সিজাই) খায়। সাধাৰণতঃ গাহৰী, ছাগলী, কুকুৰা, হাঁহ, পাৰ আদি ঘৰতে পুহি এইবোৰৰ মাংস খায়। কণী এওঁলোকৰ প্ৰিয় খাদ্য। কিছুদিন আগতে ৰাভাসকলে গৰম দিনত মায়আস্তা বা মায়মাখাম (পইতা ভাত) আৰু শীতকালত মায়মাচি (নবম জুলীয়া ভাত) ৰাতিপুৱাৰ সময়ত খাইছিল। ধান চাউল অভাৱত বৰ্তমান খাবলৈ এৰি দিছে। আনহাতে চাহহে প্ৰিয় হৈ উঠিছে। ৰাতিপুৱা চাহ আৰু চিৰ পিঠা খোৱাহে বেচিকৈ অভ্যাস হৈ পৰিছে। আগতে ৰাভা মানুহৰ চাহ খোৱ বিশেষকৈ গাখীৰ চাহ খোৱা প্ৰথ নাছিল বুলিবই লাগে। বহাগ বিহু মাঘ বিহু, বিয়া সহ আলি সামাজিক অনুষ্ঠান বোত গুড় মিঠাইৰ সৈতে চিৰা খোৱা প্ৰথা প্ৰচলিত আবি। তেনেকে বিহু উৎসৱত নানা ধৰণৰ পিঠা খোৱ প্ৰথা আছিল। J.E Friend Pereir. Census Report of 1881. P. 145.
পৃষ্ঠা:ৰাভা জনজাতি.djvu/৩৮
অৱয়ব