২৬ ৰাভা জনজাতি ?? 17 ৩নং (ক) কোঠালী মায়ঝাম ধানৰ টোম ৰখা কোঠালী (ধান ভঁৰাল)। ৩নং (খ) কোঠালী ‘ তোলা ল'ৰা-ছোৱালীবোৰৰ শোৱা কোঠালী ৩নং (গ) কোঠালী ‘তোগ্ৰাব’ মদৰ (চকো) জোঙ মজুত কৰিৰ কোঠালী। ৪নং কোঠালী ‘নোকপিমুং’ ৰন্ধনশালা। ৪নং (ক) কোঠালী ‘নেতা’ চাউলৰ হাড়ি ৰখা, পূজা কৰা কোঠালী। ৫নং কোঠালী তোনোহৰ’ কুকুৰা, হাঁহ, পাৰ আদি পোহা কোঠালী। ৬ং কোঠালী ‘নোচুংকায়’ ঘৰৰ বুঢ়া-বুঢ়ীৰ শোৱা কোঠালী। ৬নং (ক) কোঠালী বাদাম’ জুইশাল। ৭নং কোঠালী বাখানোক খৰি জমা কৰি ৰখা কোঠালী। বৰ্তমান প্ৰায় এনেধৰণৰ ঘৰ-দুৱাৰৰনমূনা গাৰোপাহাৰ জিলাৰ পাহাম’অঞ্চলৰ গাওঁবোৰৰ বাহিৰে আন ঠাইত দেখা পোৱা নাযায়। এনে ধৰণৰ ঘৰ নাথাকিলেও প্ৰায়বোৰ ৰংদানিয়া আৰু মায়তাৰি গাৱলৈ গলে এতিয়াও তেওঁলোকক চহৰবাসী মানুহৰ দৰেই ওচৰা-ওচৰিকৈ ঘৰ বান্ধি থকা দেখা যায়। ৰাভাসকলৰ এই ঘৰ দুৱাৰৰ নমুনাৰ পৰিবৰ্তনৰ কাৰণ অনুসন্ধান কৰিলে অনুমান হয়, সোতৰ শতিকাৰ মুছলমান ফৌজৰ মিৰ্জা নাথান’ৰৰাভাৰজাবীৰ পৰামৰ’ৰাজ্য আক্ৰমণেই ইয়াৰ অন্যতম কাৰণ ৰাভা অঞ্চল ৰংদান’আক্ৰমণ কৰিছিল ‘ মিজানাথানৰ প্ৰধান সেনাপতি ‘তচলিমখাই। ৰাভাসকলৰ লগত মুছলমান সেনাৰ ভীষন যুদ্ধ হৈছিল। এই যুদ্ধত বহুত ৰাভা মানুহমৰা পৰে, আৰু অৱশিষ্ট মানুহবিলাকেৰণত তিষ্ঠিব নোৱাৰি হাবিবন-পাহাৰত আশ্ৰয় লয়গৈ। তচলিমখাই এই অঞ্চলৰ বহু ৰাভা গাৱঁৰ সকলো ঘৰ-দুৱাৰ পুৰি পেলায়, লগতে পচোৱা বতাহত তেওঁলোকযুদ্ধৰ চাউনীও ভস্মীভূত হোৱাত সেনাপতি তচলিমখাঁও ভস্মীভূত যুদ্ধ শাম কটাত হাবিন, পাহাৰত আশ্ৰয় লোৱা ৰাভাসকলে ভৱিষ্যত তক্ৰমণৰ আশঙ্কা কৰি অস্থায়ী ভাবে য’তে ত’তে যি কোনো প্ৰকাৰে ঘৰ-দুৱাৰ সাজি লৈছিল। সেইসময়ত তেওঁলোকৰ বাৰায়ৰিৰ লগত পৰিচয় হেৰাই গৈছিল। সেই কাৰণে শেহত ৰাভা পৰিচিত কোনো মানুহক লগ পালেই সুধিছিল-আপোনাৰ বাৰায়’ কি? হাচু (পাহাৰ) কি? ‘চিকা- ঝ’ (ঝৰণা-নিজৰা) কি? মামা-দাদা (সম্বন্ধীয় মানুহৰ নাম) কি? ইত্যাদি। এই প্ৰশ্নবোৰ যোগেদি যেতিয়া মানুহজন একে 'বাবায়’ ভুক্ত বুলি অৱগত হয়, তেতিয়াই তেওঁক ঘৰলৈ সাদৰি লৈ গৈ আত্মীয়তাভাৱৰ যোগসূত্ৰ স্থাপন কৰে। এই সময়ত ৰাভাসকল বহুত দুখ- দুৰ্গতিৰ সম্মুখীন হব লগা হৈছিল। পিতা-মাতা, ভাই-নী, ল'ৰা-ছোৱালী, আত্মীয় কুটুম্বক হেৰাই আশ্ৰয়হীন হৈ ইনাই-কিনাই কান্দি ফুৰিছি। এইবোৰ দুখ-দুৰ্গতিৰ কথা এতিয়াও ১ Bhillristal-Ghiybi, Vol. 11, Chapter IV p. 516.