পৃষ্ঠা:ৰাভা জনজাতি.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ ৰাভা জনজাতি কোচা ৰাভাৰ পৌৰাণিক কাহিনী মতে ৰাভা জাতিৰ আদি পুৰুষ হৈছে-‘কোচ্ছে। ৰাভা জাতিৰ প্ৰধান দেৰতা ‘ৰিছি’ দেৱতাই কোচ্ছে’ৰ পৰিয়ালবৰ্গক ৰাংক্ৰাঙৰ’(স্বৰ্গ-অৰ্থাৎ তিব্বতীয় অঞ্চল) পৰা পৃথিবীলৈ পৃথিবী অৰ্থাৎ তিব্বতৰ দক্ষিণত থকা সমভূমি অঞ্চল) নমাই লৈ আহে, আৰু সেইবাবে কোচ্ছেৰ পৰিয়াল বৰ্গ ৰাবাতাং (অৰ্থাৎ আনোতা বিলাক) ভাতাং (ৰাভাসকল) নামে অভিহিত হয়। এই কোচ্ছে ‘ নিতেকীয়া কোচ’ সকলেই প্ৰকৃত কোঁচ আৰু বিশ্বসিংহ, নাৰায়ণ আদি কোঁচ ৰজাসকল তেওঁলোকৰেই বংশধৰ আৰু ৰজা আছিল। ডঃ গ্ৰীয়েৰচনৰ মতে কোঁচসকল ছটা দলত বিভক্ত, যেনে – হৰিগঞা, সাতপুৰীয়া, দাস গঞা, চাপ, ওবানাং, আৰু তিনতেকীয়া। আহোম ৰাজত্বৰ সময়ত ৩৫২ জন কোচ ৰাভা মানুহ নগাপাহাৰৰ সীমান্তৰ ওচৰত থকা ‘মহং’ নামে ঠাইত বসতি স্থাপন কৰিছিল। আহোম ৰজাই তেওঁলোকক লুণীয়া নিজৰাৰ পৰা লোণ তৈয়াৰ কৰা কামত নিযোগ কৰিছিল। মহঙত থকাৰ বাবে তেওঁলোকক মহং’ কোচ নামাকৰণ কৰা হৈছিল। ১৮৭২ চনত গোৱালপাৰা জিলাৰ ২৪১৬জন কোঁচ মানুহে গৰমী কোঁচ’নামে পৰিচিত হৈ বেলেগ তালিকাভুক্ত হৈছিল। শেষত তেওঁলোকেই কুমাৰ, কমাৰ, দুলীয়া জাতি হিচাবে পৰিচয় দিছিল। ধৰ্মীয় আৰু সামাজিক নীতিৰ ব্যতিক্ৰমতে কিছুমান উপ-গোষ্ঠীৰ সৃষ্টি হোৱা দেখা যায়, যেনে-মদাহী কোঁচ'। মদাহী’শব্দটো কোঁচ জাতিক ধৰ্মান্তৰ কৰিৰাজবংশী উপাধিলৈ উন্নীত কৰাৰ প্ৰথম ৰ। সম্ভৱ-এওঁলোকে পূৰ্ব-পুৰুষৰ মদ, গাহৰি, কুকুৰা খোৱা আদি আচাৰনীতি পৰিত্যাগ কৰিব নোৱাৰা বাবে মহাজনসকলে সৰু কোঁচ’ বা ‘হেৰেমিয়া তৰৰ পৰা পুনঃ মদাহী কোঁচলৈ নমাই দিছিল। শেষত তেওঁলোকে আগৰ স্বজাতিলৈও ঘূৰি নহাত মদাহী' নাম লৈয়েই থাকিব লগীয়া হল। প্ৰাচীন কোঁচ বা ৰাভাৰ দলত মদাহী’ নাম পোৰা নাযায়। মদাহী’ নামটো এটা ধৰ্মান্তৰৰ স্তৰহে। বৰ্তমান এওঁলোক ৰাভা জাতি’বুলি পৰিচিত হৈ ৰাভাৰ সমাজ-সংগঠনৰ লগত জড়িত।