পৃষ্ঠা:ৰাভা জনজাতি.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূমিকা ২১ চৰাই-চিৰিকতি তালৈ আকৰ্ষিত হোৱাটো স্বাভাৱিক।এই চৰাইবোৰে বৰ উৎপাত কৰিছিল। সিহঁতক খেদি থাকিবলৈ এদল মানুহ নিয়োগ কৰা হৈছিল। এই মানুহ দলটোৰ প্ৰত্যেক মানুহে ‘দাহাৰী’ (দীঘল নল বাঁহৰ উৰিকি) লৈ চাইবোৰ খেদি ফুৰিছিল। এই ‘দাহাৰী’ শব্দটোৱেই শেহলৈ অপভ্ৰংশ হৈ দাহ’ বা ‘দাহৰি'নাম পায়। (৪) চুঙা (ছংগা)ঃ- মদ আৰু পানী খাবলৈ চুঙাৰ আৱশ্যক। সেই কাৰণে পাহাৰৰ বাঁহৰ চুঙা কাটি আনিবলৈ এদল মানুহ নিয়োগ কৰা হৈছিল। এই দলটোৱে শেষত চুঞ্জ'নাম পায়। 'চুঙা’ ‘ছুংগা’ নাম একেই। (৫) পাতিঃ- পূজাৰ কামত, প্ৰসাদ আদি বিতৰণত, ৰন কামত, আৰু সামূহিক ভোজনত বহু কল, পাতৰ আৱশ্যক। এই পাত সংগ্ৰহ কৰিবলৈ যিদল মানুহৰ ওপৰত দায়িত্ব দিয়া হৈছিল, তেওঁলোেকেই শেষত ‘পাতি’ নাম পায়। (৬) বিটলীয়া ঃ- ধৰ্মীয় পূজা-পাৰ্বন, সামাজিক বিয়া-সবাহ, মেল-মিটিং আদিত কিছুমান খুহুতীয়া বা ‘বিটলা কথা কৈ ৰাইজৰ অন্তৰত হাস্যৰসৰ সৃষ্টি কৰি চিত্ত বিনোদন বা মনোৰন কৰ কিছুমান মানুহ আছিল। তেনে মানুহ আজিৰ সমাজতো নোহোৱা নহয়। ভাষাবিজ্ঞানমতে আগতে নটী’ শব্দৰ অৰ্থ নৃত্যকলা বিশা’আৰু চয়তান’ শব্দৰ অৰ্থ বুধিয়ক’ হে আছিল। কিন্তু শেষত অৰ্থ সংকোচন হৈ ক্ৰমে নটীৰ অৰ্থ সমাজৰ হেয় অৰ্ধত চৰিত্ৰহীন' আৰু ‘চয়তানৰ অৰ্থে দুষ্টলোক’ক বুজাবলৈ ধৰিলে। অপ-এই বিটল’অৰ্থ আগতে সম অৰ্থত প্ৰয়োগ হৈছিল যদিও শেষলৈ তুৰ্থত ব্যৱহাৰ হবলৈ ধৰিলে। প্ৰকৃততে বিটলীয়া’ শব্দৰ অৰ্থ সম্ৰমাৰ্থে হাস্যৰসিক জনক হে বুজায়। এই হাস্যৰসিক দলটোৱেই শেষত ‘বিটলীয়া নাম পায়। (৭) কোচ (কোচা)- একে ভাষা-ভাষী আৰু একে মাতৃতান্ত্ৰিক ৰাভা জাতীয় বিভিন্ন বায়' বা ' সম্পন্ন কোচ, ৰংদানীয়া, মায়তৰীয়া, পাতি, দাহৰী আদি একেট জাতিকেই বিভিন্ন ঠাল- ঠেঙুলি। কিন্তু দেখা যায়, কোচসকলে, ‘খোকটি’ পূজানকৰে। আনহাতেৰোত্মক’বা কুক পূজা সকলো শাখাই ব্যক্তিগত বা সামূহিক ভাবে কৰি আহিছে। এই ফল দেখা যায়, ৰস্তক বা ক্ষুক পূজাই ৰাভা সকলৰ আদিম পূজা। কোচা ভা সকলে পূজাটাক ব্যক্তিগতভাৱে কৰাৰ বাহিৰেও খচি পূজাৰ অনুপে সামূহিক ভাবে পূজা কৰি আহিছে। খুউবস সামাজিক বা ভৌগোলিক কাবশতঃ কোচ ৰজাসকলে মোকটি পুজাৰ পৰা বিৰত আছিল।