পৃষ্ঠা:ৰাভা জনজাতি.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ ৰাভা জনজাতি “ময়ো ৰাভাসকলক কছাৰী’ বা ‘গাৰোৰ লগত সাঙুৰি দিয়াৰ কোনো যুক্তিসংগত কাৰণ নেদেখখাঁ। ৰাভা, গাৰো, কছাৰী বড়ো গোষ্ঠীৰ বিভিন্ন ভাগ। সেইফালৰ পৰা সিহঁতৰ মাজত নিশ্চয় কিবা সম্বন্ধ আছে। সেইবুলি ৰাভাসকলক ‘গাৰো’ বা কছাৰীৰ ঠাল বুলি কোৱাৰ কি কাৰণ থাকিব পাৰে? কোনোৰে কৈছে- হিন্দু ধৰ্মৰ দ্বাৰা বেছিকৈ প্ৰভাৱান্বিত হৈ যিবোৰ কছাৰী মানুহ হিন্দু ধৰ্মৰ প্ৰতি বেছিকৈ ঢাল খাইছে, সেইসকল কছাৰীয়েই ৰাভা। এইটো একেবাৰেই ভিত্তিহীন যেন লাগে। মোৰ মতে নিজস্ব ঐতিহ্য, বৈশিষ্ট্য, বিশ্বাস, আখ্যান, উপাখ্যানেৰে পৰিপুষ্ট ৰাভাসকল এটা পৃথক জনজাতি।” ‘ভাষা-উপভাষাৰ ফালৰ পৰা ৰাভাসকলক ‘তিবেতো বাৰ্মান ভাষা গোষ্ঠীৰ অসম বাৰ্মীজ’ শাখাৰ অন্তৰ্ভুক্ত কৰিব পাৰি। ৰংদানি’ আৰু মায়তাৰি' ৰাভাৰ নিজস্ব উপভাষা (দোৱান) আছে। আন আন ৰাভাসকলেও তেওঁলোকৰ দোৱান পাহৰি গৈছে। শিক্ষা বিষয়ত ৰাভাসকল অতি পিছপৰা। ‘ৰাভা, কছাৰী, গাৰ আদি জনজাতিৰ মানুহসকলক লক্ষ্য কৰিলে পোনতে মংগোলীয় গোষ্ঠীৰ মানুহ যেন লাগিলেও সূক্ষ্মৰূপে বিচাৰ কৰিলে সেই মংগোলীয়’ গোষ্ঠীৰ আঁৰত আন আন জাতিগোষ্ঠীৰ ভেদ্দিড' গোষ্ঠীৰ বুলি অনুমান হয়। মংগোলীয় গোষ্ঠীৰ সেই মানুহবিলাক অসমলৈ অহাৰ আগতে ‘ভেদ্দিড' গোষ্ঠীৰ মানুহে অসমত বসবাস কৰি আছিল। মংগোলীয়’ গোষ্ঠীৰ মানুহবিলাকে আদি পুৰণি ‘ভেদ্দিড' গোষ্ঠীৰ মানুহবিলাকক সম্পূৰ্ণৰূপে বা আংশিক ৰূপে নিজৰ মাজতে সামৰি লৈ সিহঁতক লুপ্ত কৰি পেলালে। ইয়াৰ উপৰিও ড° দাসে ৰাভাসকলৰ বিভিন্ন ভাগ, খেতি-বাতি, বোৱাকটা, খেল- গোত্ৰ, সমাজ গাঁথনি, পিতৃ-মাতৃ প্ৰধান, উত্তৰাধিকাৰ, পূজা-পাৰ্বন, শৱ সকাৰ, জনবিশ্বাস, নৃতত্ত্বৰ বিভিন্ন দিশৰ কথা গৱেষণা ক্ৰমে সন্নিবিষ্ট কৰি পুথি আকাৰে আৰু বিভিন্ন পত্ৰ- পত্ৰিকা প্ৰকাশ কৰি গৈছে। ড° মজুমদাৰে মন্তব্য দিছে- “The Rabhas of West Bengal'ত কেৱল ‘কোচা ৰাভাৰ বিষয়েহে আলোকপাত কৰা হৈছে: যিসকলৰ নেকি গাৰো পাহাৰত অধ্যুষিত হৈ থকা কোঁচসকলৰ লগতহে অধিক সাদৃশ্য আছে। তেওঁলোক এক বংশোত আৰু সম্বন্ধবিশিষ্ট। ৰাভাসকলৰ লগত সিমান মিল নাই।” ২৮ দাস আৰু হাই উল্লেখ কৰিছে- “ভাসকলৰংলানিয়া, পাতি, মায়তৰিয়া, কোচা, দাহৰিয়া, বইতলিয়া, ছেংগা, টোটলা আদি শাখাত বিভক্ত।” এ বিশেষ উল্লেখ্য যে, কোঁচকলৰ হগিয়া, সাতপাৰীয়া, দাসগয়া, চাপ, ওৱানাং আৰু তিনতেকীয়াসকলৰ মাজত কেবল তিনতেকীয়া শাখাটোহে মাখোন ৰাভাসক

  • Dr. Majumdar. D.N.. Repan from Bulletin, Anthropological Survey of India, Vol. I, XVII, No.

3. 1968. a Das, A.K. and Raha, M.K: West Bengal Tribes through Photographs, special series No. 6. Bulle tin of the Cultural Research Insulate, West Bengal