পৃষ্ঠা:ৰাভা জনজাতি.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাভা জনজাতি বেছি নহয়। ধনী মানুহবিলাকেও ৪০ টকাৰ অধিক খৰচ নকৰে। বিয়াত কোনো উপহাৰ দিয়াৰ ৰীতি নাই। দ্বিাহ বিচ্ছেদৰ ৰীতি সমাজত আছে যদিও সমাজত ইয়াৰ হিচাপ পোৱা নাযায়। তেওঁলোকে বংশগত কোনো সামাজিত নেতাক নেমানে। সমাজৰ যি কোনো ৰীতি- নীতি আলোচনা, সংস্কাৰ সংবৰ্ধন বিচাৰ আদি সৰ্বসম্মতিক্ৰমে মুকলিভাৱেই সিদ্ধান্ত কৰে। সাধাৰণতঃ ৰাভাসকলে ১২/১৩ বছৰত ছোৱালীক বিয়া দিয়ে। কোনো ছোৱালীৰ ২০ বছৰলৈকে বিয়া নহ'লে তাক সমাজে বিয়াৰ অলায়ক বুলি ধৰি লয় আৰু সমাজৰ দৃষ্টিত হেয় প্ৰতিপন্ন হয়। Friend Pereira 160 'The Rangdanias are found in the track of country between Goalpara and Lakhipur the seat of the Mechpara Zamindars, who are popularly supposed to be of Rabha origin of the Rungdung barai'. Playfairৰ মতে গাৰোপাহাৰৰ আদিমবাসী ৰাভা, কোচ, আটং আৰু কণা। দদানৰ দলে নীলগিৰি পাহাৰৰ পৰা ভটিয়াই আহি বকোৰ ওচৰত বাঘমেলা পাহাৰত আশ্ৰয় লয়। বাঘমেলাত এজন মায়াবী ৰজা আছিল। ৰাভাসকলে তাক মাছামাৰু বুলিছিল। মাছামাৰুৱে হেনো বিভিন্ন জীৱ-জন্তুৰ ৰূপ ধৰি মানুহৰ অশেষ ক্ষতি সাধন কৰিছিল। মাছাৰ অৰ্থ বাঘ, মাৰ অৰ্থ হাপা। মাছামাৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি ৰাভাসকলে তাৰ পৰা আহি ধূপধৰাত বসবাস কৰিবলৈ ধৰিলে। হাৰি স্তান-ই-ঘায়েবী’ বুৰঞ্জী মতে ‘সোতৰ শতিকাৰ দ্বিতীয় দশকৰ সময়ত মোগল ফৌজদাৰে দখিণকূল আক্ৰমণ কৰিছিল। সেই সময়ত সাভাৰ ৰাজ্যৰ ৰজা আছিল ৰাভাবীৰ পৰশুৰাম। ৰাজধানী আছিল শোলমাৰী। ভাবীৰ পৰশুৰামে কব ধৰি মিৰ্জা নাথাৰ লগত যুদ্ধ কৰিছিল আৰু ৰংজুলি দুৰ্গত বন্দী হৈছিল। মুছলমানে পৰশুৰামৰ লগতে তেওঁৰ ভাৰ্যা আৰু তিনিজন পুতেককে বন্দী কৰিছিল। এই যুদ্ধক্ষেত্ৰবোৰ। ভিতৰত মাকৰি, শোলমাৰী, কান্দাৰা (গেলে), বাঘৱন (বগুকন), বাঞ্চবাৰী (বাঁহবাৰী), কটবাৰী (কঁঠালবাৰী), কণ্টবেল, ফুলবাৰী, যশীপুৰ, বালিজান, মানিকপুৰ, বস্তি (বহুতি), ৰংদান, আমজোভা, ৰংজুলি আদিয়ে প্ৰধান। . ৰাভাজাতি আৰু আন নি জাতিৰ জৈৱিক আৰু উৎপত্তি বিষয়ে গৱেষণা কৰি দাসে" মন্তব্য প্ৰকাশ কৰিছে। ড° ভুবনমোন মাসে কয়— আন জাতিবোৰতকৈ গাৰো সকলৰ লগত ৰাভাসকলৰ অধিক সাম্য আছে।জাতিৰজাতিগুৰিসম্বন্ধে তেখেতে কয়—মঙ্গোলীয় জাতি উত্তৰ আৰু উত্তৰ শক্তি অঞ্চলৰপৰা বেলেগ বেলেগ সময়ত Ethnic affinities of the Rabba's Store pupper PR (PTO)