পৃষ্ঠা:ৰাভা জনজাতি.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ ৰাভা জনজাতি শৱদাহন সময়তে জ্বলন্ত এঙাৰ পৰা কপালৰ অস্থি মৃতকৰ পুতেক বা নিকট বাৰায়ে বুটলি ঘৰলৈ কান্ধত তুলি লৈ আহে। এমাহৰ পিছত আদ্যশ্ৰাদ্ধৰ দিনা পুনঃ কান্ধত তুলি লৈ সামূহিক নৃত্য-গীতেৰে তুৰা হক’ নামে ঠাইলৈ লৈ যায়। তুৰা হক’ এটা পাহাৰ বিট শিলৰ গহুৰ যত প্ৰাচীন ৰাভাসকলৰ যুদ্ধৰ অস্ত্ৰশস্ত্ৰ, শহীদ সৈন্যবিলাকৰ সাজ-পোছাকবোৰ জমা কৰি থোৱা আছে। কালৰ সোঁতত বৰ্তমান ইয়াৰ চিনচাব নোহোৱা হৈছে। এই ‘তু হক’তেই মতা-তিবোতা সকলোৱে যথেষ্ট পৰিমাণে মদ-ভাত খাই নৃত্যগীতেৰে আদ্যশ্ৰাদ্ধৰ কাম সমাধা কৰে। বাদ্যযন্ত্ৰ আৰু নৃত্য-গীতেৰে পৰিবেশ মুখৰিত কৰি তোলে। নৃত্যৰ লগে লগে কৰুণ ৰসেৰে অভিষিক্ত সুৰ ধৰি মৃতকৰ আত্মক সম্বোধন কৰি গায়- ‘পুনঃ তুমি সম্ৰান্ত ৰাভা পৰিয়ালত জন্মগ্ৰহণ কৰিবা। গছ-গছনি, ঘাঁহ-বন হৈ জন্মগ্ৰহণ নকৰিবাৰ জুইয়ে পুৰি মাৰিব। হাঁহ-কুকুৰা, পাৰ আদি হৈ জন্মগ্ৰহণ নকৰিবা- মানুহে মাৰি খাব। গৰু-ম'হ হৈ জন্মগ্ৰহণ নকৰিবা, তোমাক খেতি পথাৰত হালবাই কষ্ট দিব নাইবা কীট-পতংগ হৈও জন্ম লাভ নকৰিবা, চৰাই-চিৰিকতিয়ে তোমাক খাই পেলাব। (এই কৰুণ ৰসসিক্ত নৃত্য-গীতৰ যোগেদি ৰাভাসকলে যে পুনৰ্জন্মৰ প্ৰতি অগাধ বিশ্বাস কৰে, তাৰেই ফলন্ত প্ৰমাণ পোৱা যায়।) J.E. Friend Pereira-3 V T 29125 'From the old swords and rhinocerous hide shields in the possession of some families it would appear the Rabhas were at some former time a martial race and indulged in are.' কিন্তু, M. Martin চাহাবে মব্য দি গৈছে- “They are a strong race of man, but uncommonly timid.' দলনে ‘তোৰা ৰাণীক বিয়া কৰাইছিল। তেওঁলোকৰ জীয়েক নাই। নাইক বিয়া দিলি বেলেগ জাতিৰ তিৰে লৰ মাৰক্ষেত্ৰীক। শেষত দদানে মাৰুক্ষেত্ৰীক প্ৰধান পেতিৰ পদত নিযুক্তি দিছিল।

  1. *

কাশী জাই দানৰ লগত যুদ্ধ কৰিবলৈ তাৰ দূত দুজন বাসুৰি আৰু ‘পাচুৰিক পঠাইলি। এই যুদ্ধ ঘোষণাৰ বৰ পাই ‘দান’ হতাশ হৈছিল আৰু কান্দিছিল। ‘শেষত মায়ে ‘চশিলা শাহাত কাশী ৰজাক শবিদ্ধ কৰি বধ কলি।