পবিশিষ্ট ১৭৭ তদ্ৰুপ—এই জাতিৰ প্ৰাচীন লোক-সাধু হিচাবে—ম’ৰাচৰাইৰ কাহিনী, কুম্বাইচুঙৰ কাহিনী, সতীদুম’চিৰ কাহিনী, দেদান-মাকক্ষেত্ৰীৰকাহিনী, থোপে-নেচেৰকাহিনী, বিচকম- আলিকৰমৰ কাহিনী, খোচি বা বায়খোপূজাৰ উৎপত্তিৰ কাহিনী, হান্দাৰচি জিমাৰিৰ কাহিনী, নিৰিমনি-নিছিমনিৰ কাহিনী ইত্যাদি হতে কাহিনী পৰম্পৰাগত মৌখিক জন-সাধু হিচাবে চলি আহিছে। এইবোৰৰে সম্যক গৱেষণা আৰু সংৰক্ষণৰ ব্যৱস্থা হলে অসমীয়া জাতীয় সাহিত্যই যথেষ্ট অৱদান পাব। তদুপৰি তুৰাকুণ্ড, তুৰা হক, দোদানবিল, বালফাক্ৰাম, হাতীশিলা, ডবাখোল, চিপনশিলা, চিলিংগতক পাহাৰ, চিতমাং বা বাইমুং পাহাৰ, দয়নং পাহাৰ, দামাং পাহাৰ, সৰ্প-সুৰঙ্গ, পাৰা-হাচু, বাবাজী পাহাৰ, কন্যাকুচি পাহাৰ, গড়ক্ষ বা গড়ৰ পাহাৰ, গ্ৰিংগ্ৰাং পাহাৰ, চিতলমাৰী পাহাৰ, আমজাঙা পাহাৰ, কুকাটা শিল, ছামফাং হাচু, নোকনং গাঁৰ, পোৰ কোৱা পোতককোৱা পাহাৰ, ৰংদান অঞ্চল, বাৰীগাওঁ পাহাৰ, গোৱদ্ধন পাহাৰ, দুধনাথ পাহাৰ, আদি ৰাভা জাতিৰ প্ৰাচীন কীৰ্তিচিহ্নবোৰৰ তথ্য উদঘাটন কৰিব পাৰিলেহে এই জাতিৰ প্ৰাচীন বীৰত্বব্যঞ্জক ইতিহাস এখন আৱিস্কাৰ হব। তেনেকৈ, দেউৰী পাৰাৰ আইথান, বকোৰ শিৱধান, থেকাচুৰ খেলাৰাম ঠাকুৰ থান, ৰংচাইৰ বুঢ়াবুঢ়ী থান, দামৰাৰ কালীথান; বগুলামাৰীৰ মাৰাই থান, ৰংজুলী আৰু পাহাৰ তুলীৰ ৰামচন্দ্ৰ থান, টুক্ৰেশ্বৰী পাহাৰৰ দেৱী থান, ধুপধাৰাশাখাতিৰ মাৰাই থান প্ৰতিষ্ঠা সম্পৰ্কে সম্যক্ গৱেষণা হলে—প্ৰাচীন ৰাভা জাতিৰ ধমীয় ধাৰাৰ এটি ৰূপৰেখা অঙ্কণ কৰা সম্ভৱপৰ হব। সাম্প্ৰতিক জন-জীৱনৰ পয়া লগা অৱস্থাই ৰাভা জনজাতিৰ জীৱনবোধক পঙ্গু কৰাৰ লগতে এই জাতিৰ লোক-সংস্কৃতিবোৰকো পঙ্গু কৰি তুলিছে। এই নৃত্য-গীতবোৰৰে সমাদৰ ক্ৰমে হ্ৰাস পাই আহিছে। এইবোৰৰ সম্যক গৱেষণা আৰুআও সংৰক্ষণৰ অত্যাৱশ্যক।অসমৰ জনজাতিবোৰবলগতে ৰাভা জনজাতিৰজনকৃষ্টি আৰু সংস্কৃতিবোৰ আকোঁৱালি লৈ যথোচিত সম্মান দিলেহে বৃহৎ অসমীয়া সংস্কৃতিয়ে পূৰ্ণাঙ্গ ৰূপ পাব। এই বিষয়ৰ উৎকৰ্ষ সাধনত চৰকাৰ, সাহিত্য সভা তথা জাতীয় পৃষ্ঠপোষকসকলৰ পাৰস্পৰিক সহযোগত গভীৰ গৱেষণাৰ ক্ষেত্ৰ আছে।
- * * * *