সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাষাৰ স্বৰূপ sud স্বাৰ্থিক প্ৰত্যয় (পাকমাংমাং) + এ + দয়- অব্যয় পদৰ বাহিৰে বিভিন্ন পদৰ পিছত কিছুমান চিন বা শব্দাংশ বহি পদটোৰ অৰ্থকে বুজায়। কেতিয়াবা সামান্য জোৰ, অনুৰোধ, আকাংক্ষা, আদেশ আদিও বুজোৱা হয়। এনেবোৰ শব্দ শব্দাংশ চিনবোৰেই আৰ্থিক প্ৰত্যয়। যেনে- (১) এই—বিভিন্ন কাল বুজাবলৈ ব্যৱহাৰ হোৱা সকলোবোৰ ক্ৰিয়া বিভক্তিৰ আগত ‘এ/ই' বিভক্তি যোগ কৰি অসমীয়া ভাষাৰ গৈ’, ‘হি’ অৰ্থ প্ৰকাশ হয়। যেনে- ছক্ (গৈ পা) বামুন > ছকেমুন (গৈ পাইছিলগৈ) আদি। (২) নাজো— কোনো ক্ৰিয়া অলপ পিছতে হ’ব, তাৰ অৰ্থ বুজাবলৈ নাজো’ প্ৰত্যয় যোগ কৰা হয়। যেনে- ৰাং ফানাজো (বৰযুণ পৰিবহি), চিং ৰেঙাজো (আমি যাওঁ আৰু) আদি। (৩) জোনো- কামটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিলে ‘জোনো’ যোগ হয়। যেনে- তেচেকানা ৰিজোনো (এতিয়ালৈকে আহিছে সম্ভৱ)। (৪) অনুজ্ঞা বা আশ্চৰ্য প্ৰকাশ কৰিবলৈ তলত দিয়া প্ৰত্যয়বোৰ ব্যৱহাৰ হয়। যেনে- চং-বিবাচং (আহকচোন), ৰে-ৰাবাৰে (আনাহে), না-ব্বিানা (আহাচোন), নাজো ৰিবানাজোদয় (আহিবাদেই), জা-খুন/নাংজা/দুখুন ৰেঙাতান (তুমি দেখোন গৈছিলাই), নাকানি- ৰিবাচাজো নাকনি (নাহিল পাই) আদি। (৫) সঠিকতা বুজাবলৈ হ'লে ব্যৱহাৰ হয়। যেনে-বেঙে মানে/মেনে (গৈ পাই), মিনি মানি (হাঁহি পেলাই) আদি বহুতে। নিৰ্দেশাত্মক আৰু অনিৰ্দেশাত্মক প্ৰত্যয় (পাক সুনুকবা/তুনুকচাৰা) ৰাভাত অসমীয়া ভাষাৰ দৰে বস্তু বা প্ৰাণীৰ আকৃতি-প্ৰকৃতি বা লিংগভেদে বিভিন্ন নিৰ্দেশাত্মক প্ৰত্যয় নবহে বা নাই। অৱশ্যে এইবোৰ বস্তু বা প্ৰাণীৰ আকৃতি-প্ৰকৃতি বুজোৱা শব্দ বা শব্দাংশবোৰৰ পিছত ‘ঘ’ (এক) লগ লাগি ই অনিৰ্দেশাক প্ৰত্যয়ৰ দৰেহে অৰ্থ প্ৰকাশ কৰে। যেনে- গদ্য (এজন), মাস্ক (এটা), ফাংছা (এডাল), সাদা (এল)। (১) যে- নিৰ্দেশাত্মক প্ৰত্যয় হিচাপে সংজ্ঞা, নাম, বিশেষণ ক্ৰিয়া আনকি অব্যয় শব্দৰ লগতে লগ লাগিব পাৰে। যেনে- মানুৰে ভিজে (গটো মলি), কায়বে নেচা (মানুহজন বেয়া), ৰামবে নেম (বাম ভাল), আবে আমে (ময়ে), ওকে (তেলোকে) আদি।