সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাষাৰ স্বকাপ ১৫৭ কাৰকত শব্দ-বিভক্তি নিৰ্ণয় বিভক্তি (থি’খায়পাক) কাক (খামুদাই) শাবিভক্তি ১মা বিভক্তি কৰ্তা কাৰক আন (গান) ২যা বিভক্তি কৰ্ম কাৰক ৩য়া বিভক্তি কৰণ কাৰক পাকে ৪ৰ্থী বিভক্তি সম্প্ৰদান কাৰক আ, না, নাকে ৫মী বিভক্তি অপাদান কাৰক ই পাৰা, নি পাৰা ৬ষ্ঠ বিভক্তি সম্বন্ধ কাৰক ৭মী বিভক্তি অধিকৰণ কাৰক ই, দিগি, কাতাং মন কৰিবলগীয়া : ১মা বিভক্তিৰ-- ‘আন' (য়ান) কোনো কাম বা কথাৰ ওপৰত গুৰুত্ব দিয়া অথত সকলো পুৰুষ আৰু বচনৰ সংজ্ঞা আৰু সাৰ্বনামিক শব্দত যোগ হয়। সাধাৰণ অৰ্থত কৰ্তাকাৰক যোগ হয়। ২যা বিভক্তিৰ 'ও' ব্যক্তিবোধক সাৰ্বনামিক শব্দৰ সকলো পুৰুষ আৰু বচনত যোগ হয। না ব্যক্তিবোধক, স্থানবাচক, প্ৰাণীবাচক আৰু বস্তুবাচক শব্দত যোগ হয়। যা বিভক্তিৰ— ‘পাকে' সংজ্ঞা আৰু সাৰ্বনামিক শব্দৰ সকলো পুৰুষ আৰু বচনত যোগ হয়। ৪ৰ্থ বিভক্তিৰ- ‘আ’ ব্যক্তিবোধক সৰ্বনামৰ ১ম আৰু ২য় পুৰুষৰ উভয় চন শব্দত যোগ হয়। না ব্যক্তিবোধক সৰ্বনামৰ ৩য় পুৰুষৰ একবচনত, নিৰ্দিষ্টবাচক সৰ্বনামৰ উভয়বচনৰ শব্দত আৰু সংজ্ঞা শব্দৰ উভয় বচনৰ শব্দত যোগ হয়। নাকে ব্যক্তিবোধক সৰ্বনামৰ তিনিও পুৰুষৰ উভয় বচনত, নিৰ্দিষ্টবাচক সৰ্বনামৰ উভয় বচনত আৰু সংজ্ঞা শব্দৰ উভয় বচনৰ শব্দত যোগ হয়। ৫মী বিভক্তিৰ- ই পাৰা ১ম আৰু ২য় পুৰুষৰ ব্যক্তিবোধক সানামিক শব্দৰ উভয় বচনত ৩য়, পুৰুষৰ বচনত আৰু সংজ্ঞা শব্দৰ উভয় বচনত যোগ হয়। নি পাৰা ৩য় পুৰুষৰ ব্যক্তিবোধক সাৰ্বনামিক শৰৰ একবচনত, ব্যক্তিৰাচক, প্ৰাণীবাচক, বস্তুবাচক আৰু স্থানবাচক শব্দৰ উভয় বচনত যোগ হয়। ৬ষ্ঠী বিভক্তিৰ ই’ ১ম আৰু ২য় পুৰুষৰ ব্যক্তিবোধক সাৰ্বনামিক শব্দৰ উভয় কচনত ৩য় পুৰুষত বচনত আৰু সংজ্ঞা শব্দৰ উভয় বচনত যোগ হয়। নি’ ৩য় পুৰুষৰ সাৰ্বনামিক শব্দৰ একবচনত আৰু সং শব্দৰ উভয় বচনত যোগ হয়। ৭মী বিভক্তি- ‘ই’ ‘দিগি' প্ৰাণীবাচক, বক্তবাচক আৰু স্থাবাচক শব্দৰ উভয় কচনত যোগ হয়। কাতাং ব্যবািচক সালামিক শৰ আৰু ব্যক্তিবোধক শব্দৰ উভয়