সমললৈ যাওক

পৃষ্ঠা:ৰাভা জনজাতি.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৬ ৰাভা জনজাতি (১) গুণবাচক বিশেষণ : তুঙা (গম), চি’কা (ঠাণ্ডা), চুঙা (ডাঙৰ), মুলা (সৰু), ছুমা (মিঠা), খিয়া (টেঙা), নেমা (ভাল), নেমচা (বেয়া) আদি। (২) সাৰ্বনাকি বিশেষণ : একায় (এইটো), ওকায় (সৌটো), এ-বিজান (এইবিলাক), ও-বিজান (সৌবোৰ) আদি। (৩) সংখ্যাবাচক বিশেষণ : পি'ইলা (প্ৰথম), আনিংবা/আনিংকায় (দ্বিতীয়), ছাথাবা (দশম), ওবা (অন্তিম), পাঙা (বহুত), তাক্ৰায ( ভালেমান) আদি। (৪) বিশেষণীয় বিশেষণ : নেমেন (খুউব), চু’পান (অলপ), জাৰনাম (অতি), গোতায় (তেনেই)। (৫) ক্ৰিয়াবাচক বিশেষণ : পাকান খাৰে (অতিকৈ), নেমেখাৰে (ভালকৈ), জিম্ জিম্ (লাহে লাহে), জাদুং জাদুং (মাজে সমযে), নাথোৰাঙে (অতি সুন্দৰকৈ), জাদাগুং (হঠাৎ), তিমানান (সঁচাকৈ), বি’ক বি’ক (খৰকৈ), তাপ তাপ (সোনকালে), মুনাং মুনাং (মনে মনে), এনচেক বাৰে (ইমানকৈ), যেনচেক খাৰে (যিমানকৈ), জিখাৰ জিখাৰ (পিছে পিছে), নুচ্চা নুকচা (আঁৰে আঁৰে), ছান-ফাৰান (দিনে ৰাতিযে) আদি বহুতো। সৰ্বনাম (মুংত্ৰায়পি’দা) ৰাভাতে নাম ৫ প্ৰকাৰ (১) ব্যক্তিবাচক সৰ্বনাম : বচন আৰু পুৰুষ অনুযায়ী তলত উল্লেখ কৰা হ'ল। বহুবচন ১ম পুৰুষ আং (মই) চিং (আমি) ২য় পুৰুষ ও নাং (তুমি, ই, আপুনি) নাৰং (তোমালোক, তহঁত, আপোনালোক) ৩য় পুৰুষ ও ও (সি, তেওঁ, তেখেত) ওৰং (সিহঁত, তেওঁলোক, তেখেতসকল) (২) নিশ্চমবাচক সৰ্বনাম : একায় (এইটো), উকায় (সেইটো), ইবিজান (এইবোৰ), উবিজান (সেইবোৰ), ইছি (ইয়াত), উছি (তাত) আদি। (৩) অনিশ্চমবাচক সৰ্বনাম : কে (কিছুমান), চাংবা (কোনোবাই), ছাছাবা (কেও) আদি। (৪) এবোধ সৰ্বনাম গং (কোন), জাঙি (কাৰ), আতো (কি), আনা (কিয়), আতানা (কেলেই, যিনি (কলৈ), গুনচে (ইমান), বেনচেক (কিমান), বেদো (কেতিয়া), বেকায় (কোনটো) আদি। (৫) সব নামইনা (ইয়াক, না (তাক) চাঙা (কাক), চাঙি (কা), ঋন (যাক), যাও (যিটো) আলি।